নিউজ ডেস্কঃ হিন্দী বোলছবি যেন লাগিলেও বাস্তৱতে এনে এক ঘটনা সংঘটিত হৈছে, যি বিষয়ে জানিলে আপোনাৰো চকু কঁপালত উঠিব। কিয়নো তিনি বছৰ পাছত এগৰাকী মাতৃয়ে পালে নিজ সন্তানক। দৰাচলতে, জন্মৰ সময়তে মহিলাগৰাকীৰ পৰা দূৰলৈ লৈ যোৱা হৈছিল সন্তানটি।
এই ঘটনা সংঘটিত হৈছে বৰপেটাত। দুগৰাকী প্ৰসূতীৰ একেই নাম হোৱাৰ পাছত খেলিমেলি লাগিল হাস্পতালত নাৰ্ছৰ। উল্লেখ্য যে, ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত ২০১৯চনত খানম নামৰ মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান জন্ম দিছিল।
প্ৰসৱৰ পাছতে মহিলাগৰাকীক আইচিইউত ৰখা হৈছিল। আৰু শিশুটিক ৰখা হৈছিল হাস্পতালৰ শিশু ৰখা কোঠাত। পিছদিনা চিকিৎসকলে খানমৰ স্বামীক জনাই যে, তেওঁলোকৰ সন্তানটিৰ মৃত্যু হৈছে।
কিন্তু খানম আৰু তেওঁৰ স্বামীয়ে এই কথা মানি নল’লে। কিয়নো জন্মৰ সময়ত তেওঁলোকৰ সন্তানটি আছিল স্বাস্থ্যবান। আৰু অৱশেষত বৰপেটা সদৰ থানাত খানম আৰু তেওঁৰ স্বামীয়ে গোচৰ ৰুজু কৰে।
তাৰপাছত আৰক্ষীয়ে গোচৰৰ ভিত্তি তদন্ত আৰম্ভ কৰি জানিব পাৰিলে যে, একে দিনাই গোসাঁইগাঁৱৰো নজমা খাতুন নামৰ আন এগৰাকী মহিলাই তেওঁৰ সন্তানটিক সংকটজনক অৱস্থাত সেইখন হাস্পতালতে ভৰ্তি কৰাইছিল। আৰু শিশুটিৰ মৃত্যু হৈছিল হাস্পতালখনত।
তাৰপাছত সেই সময়ত কৰ্মৰত নাৰ্ছ গৰাকীৰ ভুলৰ বাবে মৃত সন্তানটি খানম নামৰ মহিলাগৰাকীৰ স্বামীক গতাই দিয়া হয়। তাৰপাছত গোচৰটি ন্যায়ালয়ৰ মজিয়াত পোৱাত আদালতে ডিএনএ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। আৰু অৱশেষত তিনি বছৰৰ এক দীঘলীয়া সময়ৰ পাছত খানমে নিজৰ সন্তানটিক ঘূৰাই পায়।