মঙলদৈ: মঙলদৈ পতালসিং পাৰাৰ গণক চুবাত বুধবাৰে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা পৰিয়াল, যাৰ পৰিণতিত এজন ব্যক্তিৰ মৃতদেহ সৎকাৰৰ বিপৰীতে গাঁত খান্দি পুতি থ’ব লগীয়া অৱস্থা হৈছিল।
সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিৱৰ্তে গাঁতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ।
উল্লেখযোগ্য যে যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। কিন্তু পৰিতাপৰ কথা যে লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে অঞ্চলটোৰ কোনো ব্যক্তি আৰু অৱশেষত দুই তেওঁৰ ভাতৃৰ সহায়ত পৰিয়ালটোৱে লোকজনৰ মৃতদেহ নি নদীৰ পাৰত গাঁত খান্দি পুতি থব লগা হৈছিল।
তাৎপৰ্যপূৰ্ণ বিষয় যে গণক সম্প্ৰদায়ৰ অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি ।অৱশেষত মৃত অতুল শৰ্মাৰ দুই ভাতৃৰ সহায়ত কিবাকৈ নি নদীৰ পাৰত গাঁত খান্দি পুতি থয়।
উল্লেখযোগ্য যে গণক সম্প্ৰদায়ৰ অতুল শৰ্মাই প্ৰায় ২৭ বছৰ পূৰ্বে কোঁচ সম্প্ৰদায়ৰ প্ৰণীতা দেৱীক বিয়া কৰাইছিল। কিন্তু জাতিভেদত নিমজ্জিত সমাজখনৰ বাবে এইটোৱে আছিল অতুল শৰ্মাৰ দোষ। যাৰ বাবে পৰিয়ালটো ইমান দিনে সকলো সামাজিক কৰ্মৰ পৰা বঞ্চিত হৈ আহিছে।
এইবাৰ আনকি চৰম অমানৱীয়তা প্ৰদৰ্শন কৰি অতুল শৰ্মা মৃত্যুৰ পিছথ তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল কোনো ওচৰ চুবুৰীয়া।
বাতৰি প্ৰকাশ পোৱাৰ পিছতেই শুক্ৰবাৰে অতুল শৰ্মাৰ গৃহত আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষী আৰু দণ্ডাধিশৰ ঘটনাস্থলীত উপস্থিতি হৈ গাঁতৰ পৰা মৃতদেহ উলিয়াই আনি পুনৰ সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।
উক্ত ঘটনাটোত উচতনিমূলক মন্তব্য কৰি গাঁওবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগত মঙলদৈ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান চলাই যাদব শৰ্মা নামৰ গাওঁখনৰ এগৰাকী মুখিয়াল লোকক আটক কৰে।
লগতে পঢ়ক – House Rent: ঘৰভাড়াতো পৰিশোধ কৰিব লাগিব GST