সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিত উন্নত প্ৰজাতিৰ ধানৰ বীজ উৎপাদনৰ বাবে আজি কঠিয়া ৰোপণ কাৰ্য আৰম্ভ কৰা হয়।
সোণাৰিৰ ভজোত দহ বিঘা মাটিত পৰীক্ষামূলক ভাৱে কঠিয়া ৰোপণৰ শুভাৰম্ভ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
APART (Assam Agri-business & Rural Transformation Project) ৰ অধীনত ভজোত পৰীক্ষামূলক ভাৱে ৰোপন কৰা হয় উন্নত জাতৰ কঠিয়া।
ছয় লাহি, কণ জহা, ক’লা জহা, দাৰিয়া, বাহাদুৰ চাব-১, ৰঞ্জিত চাব-১, গবাৰি লাহি, স্বৰ্ণ চাব-১ আদিকে ধৰি প্ৰায় দহ বিধ উন্নত জাতৰ কঠিয়া ৰোপণ কৰা হয়। স্থানীয় বিধায়ক গৰাকীৰ লগতে জিলা প্ৰশাসনৰ বহু কেই গৰাকী কৃষি বিষয়াও উপস্থিত থাকে ।
লগতে পঢ়ক টীয়ক কলিয়াপানীৰ ডেইৰী ফাৰ্ম পুনৰোজ্জীৱিত কৰাৰ দাবী