যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’লাধানৰ চাউলৰ ভাত খাই অসমৰ জনসাধাৰণে অধিক পৰিপুষ্টি অৰ্জন কৰাই নহয় এই ধানৰ খেতি কৰি অসমৰ কৃষক সকল অধিক উপকৃত হোৱাৰ দিশে আগবাঢ়িছে ।
কৃষিভিত্তিক অসমৰ অৰ্থনীতি সলনি কৰি দিব পৰাৰ সম্ভাৱনা থকা ক’লাধানৰ ২০ কুইন্টল বীজ উৎপাদনৰ জৰিয়তে এই দিশত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।আজি গোলাঘাটৰ মেৰাপানীৰ গমাৰিগুৰি গাওত পৰীক্ষামুলকভাবে কৰা ক’লাধানৰ খেতিৰ ধানকটা আৰম্ভ হোৱাৰ লগে লগে এই দিশত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে ।

একেসময়তে বছৰি দুটা খেতি কৰি অসমৰ অৰ্থনীতি সলনি কৰাৰ বাবে ‘ নুমলী ‘ নামৰ আন এটা কম সময়ৰ জাতো কৃষকৰ মাজলৈ অহা বৰ্ষত মুকলি কৰি দিয়া হব । মেৰাপানীৰ চাউদাং পথাৰ গাওত ‘ নুমলী ‘ ধানৰ ধানকটা পৰ্ব আৰম্ভ হোৱাৰ লগে লগে এই দিশতো সম্ভাৱনাৰ সৃষ্টি হৈছে ।

মেৰাপানীৰ গমাৰিগুৰি আৰু চাউদাং পথাৰ গাওত অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত পথাৰ দিৱস পালন কৰি অসমৰ কৃষি অৰ্থনীতিৰ সম্ভাৱনীয়তাৰ এই দিশ মুকলি কৰা হয় ।পথাৰ দিৱসৰ এই কাৰ্যসূচীত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে সু – বীজ অবিহনে এটা ভাল খেতি কেতিয়াও হব নোৱাৰে ।

আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম ।কৃষকে কেৱল উৎপাদনৰ লগতে বজাৰৰ দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব ।কেৱল কৰিব লাগে কাৰণে খেতি কৰাৰ সলনি হিচাপ নিকাচ ভালকৈ কৰিব লাগিব । ধান কাটি ওজন লোৱালৈকে সকলো চাই কৃষিক প্ৰকৃতপক্ষে বাণিজ্যলৈ ৰূপান্তৰ কৰিব লাগিব।

সভাৰ উদ্দেশ্য বাখ্যা কৰি তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াই কয় যে গমাৰিগুৰি গাওত উৎপাদিত বীজৰ জৰিয়তে অহা বছৰ ২০০ বিঘা মাটিত ক’লা ধানৰ খেতি কৰি ২০০ টন বীজ উৎপাদনৰ লক্ষ নিৰ্ধাৰণ কৰা হৈছে ।

বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে কয় যে জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত আমি আমাৰ কৃষি ব্যৱস্থাত জাত নিৰ্বাচন আৰু সময়োচিত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব । এই দিশত অসম কৃষি বিশ্ববিদ্যালয়েও জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটে অনা সমস্যা মোকাবিলা কৰিব পৰা জাত নিৰ্বাচন কৰি কৃষকক উপকৃত কৰিবলৈ যত্ন কৰিছে ।

উচ্চ উৎপাদনক্ষম এইসমুহ জাতে কৃষকক উপকৃত কৰাৰ লগতে এই জাতৰ ধানৰ খেতি কৰি বীজ উৎপাদন কৰি দুগুণ আয় কৰিবলৈ সক্ষম হৈছে ।জলবায়ু স্থিতিশীলতা প্ৰকল্পৰ অধীনত অনুষ্ঠিত কৰা এই পথাৰ দিৱসৰ কাৰ্যসূচীত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ , জ্যেষ্ঠ বিজ্ঞানী ড° তপন জ্যোতি ঘোষ, বুবুল দাস, ভবেশ ডেকা , কৃষি বিষয়া ড° সুমন্তজিত ভূঞা ,প্ৰগতিশীল কৃষক হেমন্ত দাস আৰু মোহন বৰা , ধৰ্মেশ্বৰ দাস, অৰুণ ৰাজবংশী , এলাইদ ক্ৰপছ কেয়াৰ প্ৰা: লিমিটেডৰ শংকৰাচাৰ্য্য ৰাভা কে ধৰি বহুসংখ্যক প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোগীয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক- গোলাঘাটৰ বিশিষ্ট শিল্পী হিমেন দাসৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply