বোকাখাত, উত্তম কুমাৰ শৰ্মা: শনিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত হোৱা প্ৰবল শিলাবৃষ্টিত ৰবি শস্যৰ বিস্তৰ ক্ষতিসাধন হৈছিল যাৰ ফলত কৃষকসকল প্ৰচুৰ লোকচানৰ সন্মুখীন হয়।

যোৱা ৫ ফেব্ৰুৱাৰীত অহা শিলাবৃষ্টিয়ে অঞ্চলটোৰ ৰবি শস্যৰ খেতিৰ উপৰি বড়ো ধানৰ খেতিসমূহ সমূলঞ্চে নষ্ট কৰি পেলায়। মহকুমা কৃষি বিভাগৰ তথ্য অনুসৰি উক্ত শিলাবৃষ্টিয়ে মহকুমাটোৰ ২৬৫০ হেক্টৰ ভূমিত থকা ৰবি শস্যৰ ক্ষতিসাধন কৰে। ইয়াৰে ৭৫ শতাংশ সৰিয়হ, ১৫ শতাংশ ৰঙালাও আৰু ৫ শতাংশ অন্যান্য ৰবি শস্যৰ খেতি।

যোৱা ৭ ফেব্ৰুৱাৰীত জীপাল কৃষক সংঘই শিলাবৃষ্টিত ক্ষতিগ্ৰস্থ কৃষকৰ তাৎক্ষণিক ক্ষতিপূৰণ আৰু ক্ষতিগ্ৰস্ত এলেকাৰ জৰীপৰ শ্বেতপত্ৰ ৰাজহুৱা কৰা দাবীত গোলাঘাটৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ পেৰণ কৰাৰ পিছত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিবলৈ নিখিল ভাৰত কৃষক সভাই ৰাজ্য চৰকাৰক দাবী জনাইছে।

বৃস্পতিবাৰে কৃষক সভাৰ অসম ৰাজ্য পৰিষদে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত কৃষকৰ উৎপাদিত সামগ্ৰীৰ নিম্নতম সমৰ্থন মূল্য আধাৰত এই ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদৰ সহকাৰী সম্পাদক প্ৰনৱ দ’লেয়ে কয়, “সচাঁ অৰ্থত অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত শস্যই ৰাজ্যৰ লাখ লাখ লোকৰ ভোক নিবাৰণ কৰাৰ উপৰিও টনকিয়াল কৰিছে অৰ্থনীতিৰ ভঁৰালো। কিন্তু অন্নদাতা কৃষকৰ এনে বিপৰ্য্যয়ৰ সময়তে বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী গৰাকীক দেওবাৰৰ পৰা ব্যস্ত দেখা গ’ল ৰং-ৰহইচ আৰু প্ৰচাৰমুখী মনোৰঞ্জনতহে। সমষ্টিটোৰ বিপৰ্যস্ত কৃষকৰ খা-খবৰ ল’বলৈ যোৱাৰ বিপৰীতে তেখেতক দেখা পোৱা গ’ল চাহাবি পোচাকেৰে ক্ৰিকেটৰ পথাৰত, দেখা পোৱা গ’ল মাল্টিজিমত। এনে এজন মানুহক আমাৰ জনপ্ৰতিনিধি হিচাপে লাভ কৰি আমি লজ্জিত অনুভৱ কৰিছো।”

“সাংবাদিকৰ আগত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণৰ পুনৰ আশ্বাস দিয়া বিধায়ক গৰাকীয়ে আজিলৈকে নিদিলে ২০২১ বৰ্ষত বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ ক্ষতিপুৰণ। আজি পৰ্য্যন্ত ক্ষতিপূৰণ নাপালে শ শ গাহৰি পালকেও। গতিকে এইগৰাকী মন্ত্ৰী তথা বিধায়কৰ ওপৰত আমাৰ আৰু বিশ্বাস নাই, সেয়ে আমি দুৰ্যোগকালীন ক্ষয় ক্ষতিৰ সঠিক তদন্তৰে ক্ষতিগ্ৰস্ত কৃষকক উচিত ক্ষতিপূৰণৰ দাবীত আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ইতিমধ্যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো,” তেওঁ লগতে কয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ বানপানীৰ সময়তো এইসকল কৃষক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। তাৰ পাছতো কোনো চৰকাৰী সা-সুবিধা অবিহনে তেওঁলোকে গাঁঠিৰ ধন ভাঙি ৰবি শস্যৰ খেতিত ধৰিছিল যদিও যোৱা ৫ ফেব্ৰুৱাৰীত অহা প্ৰবল শিলাবৃষ্টিয়ে তেওঁলোকৰ সপোন তচনচ কৰি থৈ গ’ল।

কৃষি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবেই কৃষি মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টি হোৱাৰ পিছতো কৃষকসকলে আজি পৰ্য্যন্ত বিগত বৰ্ষৰ বানপানীৰ ক্ষতিপূৰণ লাভ কৰা নাই বুলি উল্লেখ কৰি মহকুমাটোৰ কৃষকসকলে কৃষি বিভাগে চলোৱা জৰীপক ভুৱা জৰীপ বুলিহে অভিযোগ কৰে। মন কৰিবলগীয়া যে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত বিগত দুমাহ ধৰি মহকুমা কৃষি বিষয়াৰ কোনো খা-খবৰ নাই। আগৰ কৃষি বিষয়া গৰাকী বদলি হৈ যোৱাৰ পাছত আজিলৈকে শূন্য হৈ আছে মহকুমা কৃষি বিষয়াৰ আসনখন।

ফলত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হৈছে যদিও প্ৰকৃত ক্ষতিগ্ৰস্ত কৃষক কিমানদুৰ লাভাম্বিত হ’ব সেয়া সময়তহে গম পোৱা যাব।

শনিবাৰে নিশা হোৱা প্ৰবল শিলাবৃষ্টিত মহকুমাটোৰ বিভিন্ন এলেকাৰ লগতে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ খেতিপথাৰৰ লগতে বহুলোকৰ বাসগৃহৰো বিস্তৰ ক্ষতিসাধন হয়। ঘৰ সমূহৰ টিনপাত সম্পূৰ্ণ নষ্ট হৈ যোৱাৰ ফলত বহু পৰিয়ালৰ বৰ্তমান হাঁহাকাৰ অৱস্থা হৈছে। চৰকাৰী তথ্য মতে আৱাসগৃহৰ ক্ষতি হোৱা পৰিয়ালৰ সংখ্যা ৩৫০০ টা। কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এই পৰিয়ালসমূহে তৎকালীনভাৱে বিধায়ক পুঁজি আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰাপ্য ক্ষতিপুৰণৰ দাবী জনায়।

লগতে পঢ়ক – “সফলতা প্ৰাপ্ত কৰাটো এক সময় সাপেক্ষ প্ৰক্ৰিয়া”- ডঃ বুদ্ধ ডেকা বৰুৱা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply