বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত ৰিলায়েন্স, এম-বজাৰৰ দৰে বৃহৎ পুঁজিপতি গোষ্ঠীৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদে।
বুধবাৰে বোকাখাতত সংগঠনটোৰ সহকাৰী সম্পাদক প্ৰণৱ দলেয়ে জানিবলৈ দিয়া মতে বৃহৎ পুঁজিপতি গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত এনে ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানে বোকাখাতৰ দৰে সৰু নগৰসমুহত ক্ষুদ্ৰ আৰু মধ্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কৃষক, শ্ৰমিক, মটৰ চালক সকলোকে বিস্তাৰিত ভাবে প্ৰভাৱিত কৰিব।
বোকাখাতৰ দৰে সৰু চহৰ নগৰৰ সমুহৰ অৰ্থনৈতিক সুৰক্ষা চৰকাৰে -প্ৰশাসনে কেৱল ৰিলায়েন্সৰ এম বজাৰৰ দৰে পুঁজিবাদৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানৰ লাভা-লাভৰ বাবে বিসৰ্জন দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনটোৱে।
ইতিমধ্যে সংগঠনটোৱে ইয়াৰ বিৰুদ্ধাচৰণেৰে বোকাখাতত গঢ়ি তুলিছে ব্যাপক জনমত। যোৱা দিন কেইটাত সংগঠনটোৱে বোকাখাত নগৰত ৰাজহুৱা সজাগতা মুলক অনুষ্ঠান আয়োজন কৰি এনে ধৰণৰ পুঁজিপতি ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সন্মুখীন হ’ব পৰা বিভিন্ন সমস্যাক লৈ আলোচনা কৰাৰ লগতে সৰু নগৰ-চহৰ সমূহত এনেধৰণৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ক্ষেত্ৰত চৰকাৰে নিষধাজ্ঞা নীতি প্ৰণয়ন কৰাৰ দাবী উত্থাপন কৰে।
নিখিল ভাৰত কৃষক সভাৰ উক্ত দাবীৰ প্ৰতি বোকাখাতৰ সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে সহমত প্ৰকাশ কৰাৰ লগতে বৃহৎ ব্যৱহায়িক প্ৰতিষ্ঠান স্থাপনৰ বিৰুদ্ধে স্বাক্ষৰ প্ৰদান কৰিছে।
উল্লেখযোগ্য যে বোকাখাত নগৰৰ বিভিন্ন স্থানত ৰিলিয়েঞ, এম বজাৰৰ দৰে কেইটাও বৃহৎ পুঁজিপতি ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে ছপিং মল স্থাপনৰ অনুমতি লাভ কৰিছে।
লগতে পঢ়ক – পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ শেহতীয়া তথ্য