মঙলদৈ, প্ৰবীণ বৰুৱা: আজিৰ পৰা এসপ্তাহ আগতে দৰং জিলাৰ ছিপাঝাৰৰ সানোৱাত ননৈ নদীত এগৰাকী অন্তসত্তা মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ যোৱা ২৭ অক্টোবৰৰ পৰা নিৰুদিষ্ট হৈ থকা ছিপাঝাৰৰ গোপালপুৰ গাঁৱৰ মণীষা ডেকা নামৰ ৯ মাহৰ গৰ্ভৱতী মহিলাগৰাকীৰ মৃতদেহ ৩০ অক্টোবৰত উদ্ধাৰ হৈছিল ৷
চাৰিদিন ধৰি নিৰুদিষ্ট হৈ থকা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্বামী দিপাংকৰ ডেকাক ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আনহাতে, উক্ত ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি মণীষা ডেকাৰ স্বামীৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সদৌ অসম সাংস্কৃতিক মহিলা মঞ্চই।
এক পৰিকল্পিত হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিব বিচৰা হৈছে বুলি অভিযোগ কৰি ইয়াৰ সৈতে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে আজি মঙলদৈত সদৌ অসম সাংস্কৃতিক মহিলা মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰী মহিলাসকলে স্বামী দিপাংকৰ ডেকাই মাতৃৰ সৈতে মিলি মণীষা ডেকাক নিতৌ অত্যাচাৰ চলাইছিল বুলি অভিযোগ কৰে দিপাংকৰ তথা তেওঁৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবীত দৰং জিলা উপায়ুক্তৰ জৰিয়তে দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – অসম চিকিৎসা মহাবিদ্যালয়ক ৩০০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ ঘোষণা মুখ্য মন্ত্ৰীৰ