গুৱাহাটী : চেঙা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন ক’ভিড-১৯ত আক্ৰানত হৈছে।

বুধবাৰে পুৱা বিধায়ক গৰাকীৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে।

উল্লেখযোগ্য যে যোৱা ২৯ মে’ত আশ্ৰাফুল হুছেইনে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল।

এ আই ইউ ডি এফৰ যুৱ নেতা, ২৭ বছৰীয়া আশ্ৰাফুল বিধানসভাৰ মজিয়ালৈ এইবাৰ নিৰ্বাচিত হোৱা কনিষ্ঠ বিধায়ক।

তেওঁ চেঙা সমষ্টিৰ পৰা ৭৫,৩১২ টা ভোট লাভ কৰি বিজয়ী হৈছিল।

সমষ্টিটোত আশ্রফুল হুছেইনৰ হাতত ২০১৬ চনৰ চেঙা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদ আৰু অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইন পৰাস্ত হৈছিল।

যোৱা কিছুদিন আগত ক’ভিডত আক্ৰান্ত হৈ অসমৰ দুজন বিধায়কে প্ৰাণ হেৰুৱাইছিল। তেওঁলোক হৈছে বি পি এফ দলৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰি আৰু ইউ পি পি এল দলৰ লেহো ৰাম বড়ো।

আনহাতে আজি ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাই মৃত্যুক সাবটি লয়।

লগতে পঢ়ক : কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply