গুৱাহাটী : ছিপাঝৰৰ গৰুখুটী ধলপুৰত উচ্ছেদস্থলীত সংঘটিত গুলীচালনাৰ ঘটনা আৰু অমানৱীয়তাক গৰিহণা দিছে অসম জাতীয় পৰিষদে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বিষয়ত জাতীয় পৰিষদৰ বিৰোধ নাই৷ কিন্তু উচ্ছেদ পক্ষপাতিত্ববিহীন, শান্তিপূৰ্ণ আৰু যথাসম্ভৱ সৰ্বনিম্ন ক্ষয়-ক্ষতিৰ বিনিময়ত হ’ব লাগিব৷

ইয়াৰ বিপৰীতে গৰুখুটী ধলপুৰত প্ৰশাসন আৰু আৰক্ষী বিভাগে এই নীতি মানি চলা নাই বুলি দলটোৱে অভিযোগ কৰে৷

‘সকলো পৰিয়ালকে পৰ্যাপ্ত সময় দি আগতীয়া জাননী জাৰি কৰা আৰু উচ্ছেদিত লোকসকলৰ নিৰাপদ স্থানান্তৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান চলাই চৰকাৰে মানৱতাৰ ধৰ্ম পালন কৰা নাই।’ বিবৃতিটোত কোৱা হয়।

প্ৰতিবাদকাৰী লোকৰ ওপৰত গুলীচালনাৰ ঘটনা গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই আৰক্ষীৰ গুলীত নিহত লোক দুজনৰ নিকটাত্মীয়লৈ উপযুক্ত সাহায্য আগবঢ়োৱাৰ দাবী জনায়৷   

আনহাতে ২ প্ৰতিবাদকাৰী নিহত হোৱা ছিপাঝাৰৰ উচ্ছেদস্থলীত আজি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত চলা সংঘৰ্ষৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : চিকিৎসাৰ অভাৱত পুনৰ মৃত্যুক সাবটিলে কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply