নিউজ ডেস্ক : সপৰিয়ালে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ‘ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা’ খুজিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি গগৈয়ে এই দাবী জনায়।
সংবাদমেলত তেওঁ লগতে কয় যে মুখ্য মন্ত্ৰী গৰাকীৰ পত্নীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ হ’ব পৰা অপৰাধ কৰিছে।
দ্যা ৱায়াৰ আৰু দ্যা ক্ৰছকাৰেণ্টত প্ৰকাশ পোৱা মুখ্য মন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰি সম্পৰ্কীয় বিষয়ত সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে লগতে কয় যে এই পৰ্য্যন্ত যি তথ্য ফাদিল হৈছে সেয়া ‘মূল নাটকৰ মাত্ৰ এটা সৰু কাহিনীহে’।
”মই অসমৰ মুখ্য মন্ত্ৰীক কেৱল এটা কথাই ক’ব খোজো যে আপোনাৰ পৰিয়ালে যি কাম কৰিছে সেয়া অসমৰ ইতিসাহৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰি। আপোনাৰ পৰিয়ালে যি কৰিছে তাত এতিয়ালৈকে যিখিনি প্ৰকাশ হৈছে সেইটো tips of the iceberg হে মাত্ৰ, অৰ্থাৎ আচল কাহিনীটোৰ মাত্ৰ এটা সৰু চেপ্টাৰ। মূল নাটকখনৰ মাত্ৰ এটা সৰু কাহিনীহে এতিয়ালৈকে উলাইছে ,” তেওঁ কয়।
তেওঁ আৰু কয়, ”আমি যদি এই কাহিনীৰ ভিতৰলৈকে সোমাই যাব খোজো তেতিয়ালৈ আৰু হাজাৰখন নাটক ইয়াত ওলাব। গতিকে সেই অংশবিলাক প্ৰকাশ পোৱাৰ আগতেই মই মুখ্য মন্ত্ৰীক অনুৰোধ জনাইছো অসমৰ মুখ্য মন্ত্ৰীয়ে এই ঘটনাক তেখেতৰ জীৱনৰ এটা সকিয়নি হিচাপে গ্ৰহণ কৰক আৰু গোটেই বিশাল কেলেংকাৰিটোৰ tips of the iceberg হিচাপে গ্ৰহণ কৰি তেখেতে মাটিখিনি ঘূৰাই দিয়ক আৰু ৰাজহুৱাকৈ ক্ষমা খোজক আৰু নাটকখন বন্ধ কৰক।”
আনহাতে কেইটামান নিউজ পৰ্টেলক বাদ দি বাতৰি কাকতকে ধৰি অসমৰ প্ৰায় সংখ্যক সংবাদ মাধ্যমে মুখ্য মন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা ভূমি কেলেংকাৰিৰ বাতৰি আৰু বিভিন্ন ৰাজনৈতিক দলে জনোৱা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা কাৰ্য্যত শিৱসাগৰৰ বিধায়ক গৰাকীয়ে আশ্চৰ্য্য প্ৰকাশ কৰে।
অসমৰ সংবাদ মাধ্যমৰ বিস্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, ”অসমৰ সংবাদ মাধ্যম এতিয়া অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় নেকি? এই প্ৰশ্নটোৱে কালিৰ পৰা সমগ্ৰ অসমৰ সামাজিক মাধ্যমত তোলপাৰ লগাইছে। ৮ ডিচেম্বৰ ২০২১ৰ দিনটো অসমৰ সংবাদ মাধ্যমৰ মৃত্যু দিন বুলিও কোনোবাই কোনোবাই শোকপ্ৰস্তাৱ গ্ৰহণ কৰা দেখা গৈছে।”
”মৃত্যুদিন হয় নে নহয় নাজানো কিন্তু ৮ ডিচেম্বৰৰ দিনটো ক্ষমতাবানৰ ওচৰত আৰু বিজেপি চৰকাৰৰ মুখ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পৰিয়ালৰ ওচৰত অসমৰ সংবাদ মাধ্যমৰ যে আটাইতকৈ ডাঙৰ আত্মসমৰ্পনৰ দিন সেই কথাটো আমাৰো অনুভৱ হৈছে,” তেওঁ লগতে কয়।
এই ‘ভূমি কেলেংকাৰিয়ে অসমৰ প্ৰায় বেছিভাগ সংবাদ মাধ্যমকে মানুহৰ সন্মুখত উন্মুক্ত কৰি দিলে বুলি উল্লেখ কৰি তেওঁ কয়, ”আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যম ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, এটা পৰিয়াল আৰু এজন মানুহৰ প্ৰতিহে কেৱল দায়বদ্ধ।”
উল্লেখযোগ্য যে যোৱা ৮ ডিচেম্বৰত ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘দ্যা ৱায়াৰ’ আৰু অসমৰ নিউজ পৰ্টেল ‘দ্যা ক্ৰছকাৰেণ্ট’ত গুৱাহাটী মহানগৰীৰ সমীপত সংঘটিত এক ভূমি কেলেংকাৰিৰ বিস্তাৰিত প্ৰতিবেদন প্ৰকাশ পাইছিল। প্ৰতিবেদনটোত প্ৰকাশ পোৱা মতে উক্ত কেলেংকাৰিত মুখ্য মন্ত্ৰীৰ পত্নী আৰু তেওঁৰ পুত্ৰৰ নাম জড়িত হৈ আছে।
উক্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছসহ বিৰোধী দলসমূহে সংবাদ মাধ্যমৰ জৰিয়তে গোটেই ঘটনাৰ তদন্তৰ দাবী জনাইছিল যদিও ৰাজ্যৰ প্ৰায় সংখ্যক সংবাদ মাধ্যমে সেই বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল। ‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ’ সংবাদ মাধ্যমৰ এনে স্থিতিক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়।
মুখ্য মন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উঠা উক্ত অভিযোগক লৈ এই পৰ্য্যন্ত বিজেপি দল তথা মুখ্য মন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট প্ৰত্যুত্তৰ দিয়া নাই। বৰঞ্চ বিষয়টোক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী গৰাকীয়ে পৰোক্ষভাৱে অখিল গগৈৰ বিৰুদ্ধেহে টিপ্পনী দিয়া দেখা যায়।
”হিমন্ত বিশ্ব শৰ্মা ইমান কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম। এই বিলাক অভিযোগে তভিযোগে মোক আগতেও তেৰাব পৰা নাই এতিয়াও নোৱাৰে। খালি মোৰ এটাই দুখ যে মোৰ লগত যুঁজিব লাগে মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে,” মুখ্য মন্ত্ৰীয়ে কয়।
অখিল গগৈক উদ্দেশ্যী তেওঁ আৰু কয়, ”এই মানুহজনৰ কি আছে নাজোনো খালী মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে..বাকী একো কাম নাই.. কিবা ডিছকাশ্যনত গ’লেও ৰিণিকিৰ মাটি, আৰে লৈ নাযাৱ’ কিয় আইনটো আছে। আটাইতকৈ দুখৰ কথা যে এই মানুহজনৰ চকু অকল মোৰ ঘৈণীজনীৰ ওপৰত।”
মুখ্য মন্ত্ৰীৰ এই বক্তব্যৰ প্ৰত্যুত্তৰত আজিৰ সংবাদমেলত অখিল গগৈয়ে কয় যে এগৰাকী মুখ্য মন্ত্ৰীৰ মন্তব্য কেৱল তেওঁৰ পত্নী ৰিণিকি ভূঞাৰ শৰ্মাৰ প্ৰতিয়ে নহয় সকলো মহিলাৰ প্ৰতিয়েই যথেষ্ট অপমানজনক।
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই মুখ্য মন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূ-কেলেংকাৰিৰ অভিযোগক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ কয়, ”অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীসহ পৰিয়ালৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত ভয়ানক ভূ-কেলেংকাৰী তথা বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতে ৰাইজৰ মনত বহুবোৰ প্ৰশ্নৰ উদ্ৰেক হৈছে। এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু ধিক্কাৰযোগ্য।”
লগতে পঢ়ক : অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল ঘোষণা