নিউজ ডেস্ক: নগাঁৱৰ বটদ্ৰৱাত আজি পুৱাৰে পৰা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত কৌশল বুলি অভিযোগ কৰিছে বিধায়ক অখিল গগৈয়ে।
আজি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত বিধায়ক গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে উন্নয়ণৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনে উচ্ছেদ কাৰ্যৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰিব খুজিছে যাতে কাইলৈৰ পৰা হ’বলগীয়া বিধানসভাৰ অধিৱেশনত ৰাইজৰ মূল সমস্যাসমূহে স্থান নাপায়।
তেওঁ কয়, ‘’বটদ্ৰৱা উচ্ছেদ হৈছে অসমৰ মানুহক মূল সমস্যাসমূহৰ পৰা আঁতৰাই এটা সাম্প্ৰদায়িক বিষয়ত ব্যস্ত কৰি ৰখাৰ এটা কুট-কৌশলী বুদ্ধি। অসম বিধানসভাৰ আগদিনা বটদ্ৰৱাত এনে উচ্ছেদ কাৰ্য চলোৱা হৈছে গোটেই বিষয়টো সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে, যাতে মূল্যবিধি, বৰ্ধিত অপৰাধ প্ৰৱণতা, অনুশাসনহীনতা আদি বিষয়বিলাক বিধানসভাত উত্থাপন নহয়।‘’
তদুপৰি ৰাজ্যত ব্যাপক কয়লা, ম’হ, ছুপাৰি, কাঠ, অৰুণাচলী মদ আদিৰ চিণ্ডিকেটৰাজ চলি থকা বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে চিণ্ডিকেটৰাজৰ এই বিষয়সমূহে যাতে বিধানসভাত গুৰুত্ব নাপায় তাৰ বাবে এইয়া হিমন্ত বিশ্ব চৰকাৰৰ অত্যন্ত ‘শিয়াল বুদ্ধিয়া কৌশল’ বুলি গগৈয়ে কয়।
লগতে পঢ়ক – মৰুময় হল ৰঙানদীৰ বক্ষ; নিপকোৰ বাবেই বিনষ্ট হল লখিমপুৰৰ পাৰিপাৰ্শ্বিকতা