শিলচৰ: বৰাক উপত্যকাত ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে অহা ৩০ মে’ত তিনিদিনীয়া কাৰ্য্যসূচীৰে উপত্যকাটো ভ্ৰমণ কৰিব শিৱসাগৰৰ বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে।
সোমবাৰে ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিয়ে আয়োজন কৰা এখন সভাত নেতাজনৰ ভ্ৰমণক লৈ আলোচনা কৰাৰ লগতে জিলাখনত দলটোৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰা হয়।
জানিব পৰা মতে গগৈয়ে তেওঁৰ তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচী হাইলাকান্দি জিলাৰ পৰা আৰম্ভ কৰিব।
৩০ মে’ত হাইলাকান্দিত ৫ শতাধিক নতুন কৰ্মীয়ে দলটোত যোগদান কৰিব বুলি জানিবলৈ দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জাহিৰ উদ্দিন লহকৰ লস্কৰে কয়, ‘’অসম গণ পৰিষদ নেতা আৰু হাইলাকান্দিৰ সুপৰিচিত সমাজকৰ্মী কামৰুল ইছলামৰ নেতৃত্বত ৫ শতাধিক লোকে দলটোত যোগদান কৰিব।’’
হাইলাকান্দিৰ অনুষ্ঠানত ভাগ লোৱাৰ পিছত অখিল গগৈয়ে ৩১ মে’ আৰু ১ জুনত কৰিমগঞ্জ আৰু শিলচৰত দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।
লগতে পঢ়ক – অসম আৰু মেঘালয়ত ”ৰেড এলাৰ্ট”, ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা