গুৱাহাটী: কোচ ৰাজবংশী সকলক জনজাতীয় মৰ্যাদা প্ৰদান, বি টি আৰ অঞ্চলত বসবাস কৰা কোচ ৰাজবংশী সকলৰ ভূমিৰ অধিকাৰ প্ৰদান, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, উন্নয়ন বোর্ড গঠন কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে মহানগৰী চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি আক্ৰাছুৰ বি টি আৰ সমিটিৰ সভাপতি সমীৰণ সিংহ আৰু সম্পাদক মণিৰাম ৰায়ে কয় যে ৰাষ্ট্ৰপতিৰ অধ্যাদেশ নং ৯ ৰ জৰিয়তে ১৯৯৬ চনৰ ২৭ জানুৱাৰী তাৰিখে কোচৰাজবংশী সকলক ভৈয়াম জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিছিল যদিও সেই জনজাতিৰ মৰ্যাদা এই ঐতিহাসিক ভূমিপুত্র কোচৰাজবংশী লোকসকলে বেছিদিন উপভোগ কৰিব নোৱাৰিলে।

‘যাৰ পৰিপেক্ষিতত আজিৰ তাৰিখলৈ আমি জনজাতিকৰণৰ মৰ্য্যদা প্ৰাপ্তিৰ বাবে সংগ্রাম অব্যাহত ৰাখিবলগীয়া হৈছে। অতি দুর্ভাগ্যজনক বিষয়। শেষ পৰ্য্যায়ত বিজেপি দলৰ চৰকাৰখনে জনজাতিকৰণ বিলখন বিধানসভাৰ মজিয়াত পাছ কৰিছিল যদিও কাৰ্য্যত সফল ৰূপায়িত নহ’ল,’ তেওঁলোকে কয়।

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ মূখ্য মন্ত্ৰীৰ নেতৃত্বত কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ সম্পর্কে প্রতিবেদন কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিবলৈ দিছিল যদিও সেই প্রতিবেদন আজিৰ তাৰিখলৈ প্ৰেৰণ কৰা পৰিলক্ষিত নহ’ল বুলি সংগঠনটোৱে অভিযোগ কৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা অভাৱৰ বাবে কোচ ৰাজবংশী সকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদকাৰী সকলে অনাগত দিনত জনজাতিকৰণৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।

লগতে পঢ়ক – গঁড় হত্যা বন্ধৰ সজাগতাৰ উদ্দেশ্যৰে দৰঙৰ গৌৰী শংকৰ কলিতাৰ পদযাত্ৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply