গুৱাহাটী: গুৱাহাটী মহানগৰীত উদ্বেগজনক বৃদ্ধি পাব ধৰিছে আত্মহত্যাৰ ঘটনা। যোৱা এটা সপ্তাহতে কেইবাটাও মহানগৰীত সংঘটিত হৈছে কেইবাটাও আত্মহত্যাৰ ঘটনা। চলিত বৰ্ষত এই পৰ্যন্ত ৪ শতাধিক লোকে মহানগৰীত আত্মহননৰ পথ বাচি লৈছে।
অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদমেলত এই কথা সদৰী কৰি কয় যে আৰক্ষীয়ে গোটেই বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইয়াক যাতে প্ৰতিৰোধ কৰিব পৰা যায় তাৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে।
‘’এটা হেল্পলাইন ব্যৱস্থা মুকলি কৰিছো। যাকে এনে সহায়ৰ প্ৰয়োজন বুলি ভাৱে তেওঁলোকে আমাক এই আমাক এই নম্বৰ দুটাত যোগাযোগ কৰক, ফোন কৰক, মেছেজ কৰক, WhatsApp কৰক, লিখি দিয়ক, ভিডিঅ’ কৰি দিয়ক। আমি আপোনালোকক সহায় কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিম,’’ মহন্তই কয়।
হেল্পলাইন নম্বৰ দুটা হৈছে – 6026900574 আৰু 6026900552। এই গোটেই প্ৰক্ৰিয়াত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব বুলি মহন্তই লগতে জানিব দিয়ে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চত অনুষ্ঠিত অসম বিধানসভাৰ অধিৱেশনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১২ চনৰ পৰা ২৮,০৫৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হোৱা কথা সদৰী কৰিছিল।
সদনক জনোৱা এক লিখিত প্ৰত্যুত্তৰত মুখ্য মন্ত্ৰীয়ে জনোৱা মতে ‘পাৰিবাৰিক সংঘাত, আৰ্থিক সংকট, প্ৰমজনিত ঘটনা’ আদি বিভিন্ন কাৰণত এনে চৰম সিদ্ধান্ত বাচি লয় বুলি এই সম্পৰ্কীয় এক অনুসন্ধানত পোহৰলৈ আহিছিল।
শনিবাৰৰ সংবাদমেলত যুটীয়া আৰক্ষী আয়ুক্ত গৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি পূৰ্বৰ বছৰসমূহৰ তুলনাত চলিত বৰ্ষত আত্মহত্যাৰ ঘটনা অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ২০১৩ চনৰ পৰা গুৱাহাটী মহানগৰীত প্ৰতি বছৰে আত্মহত্যাৰ ঘটনা এনেধৰণৰ – ২০১৩ চনত ২২২ টা, ২০১৪ চনত ২২০ টা, ২০১৫ চনত ২৪১ টা, ২০১৬ চনত ২২৭ টা, ২০১৭ চনত ২৮৯ টা, ২০১৮ চনত ২৮৯ টা, ২০১৯ চনত ২৫৪ টা, ২০২০ চনত ২৭৭ টা আৰু ২০২১ চনত ৪১৪ টা।
আনহাতে চলিত বৰ্ষত জুলাই মাহলৈকে গুৱাহাটীত মহানগৰীত ইতিমধ্যে আত্মহত্যাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই উপৰত উল্লেখিত সকলো সংখ্যা পাৰ কৰিছে বুলি সংবাদমেলত পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে।
মহন্তই সংবাদমেলত দিয়া হিচাপ অনুসৰি ২০২০ চনত গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাৰ অধীনৰ এলেকাত ৫৩ টা আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে জালুকাবাৰীত ৩০ টা, নুনমাটীত ২৪ টা, ফটাশিল আমবাৰীত ২৩ টা আৰু বশিষ্ঠ আৰক্ষী থানাৰ অধীনত ২১ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল।
আনহাতে, ২০২১ চনত দিছপুত ৪৮ টা আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে সাতগাঁওত ৪২ টা, আজাৰাত ৩৩ টা, জালুকবাৰী আৰু নুনমাটীত ২৬ টাকৈ আৰু পলটনবজাৰ আৰক্ষী থানাৰ অধীনত সংঘটিত হৈছিল ২৫ টা আত্মহত্যাৰ ঘটনা।
লগতে পঢ়ক – বিনীত বাগাৰীয়াৰ আত্মহত্যা : অভিযুক্তৰ ঘৰত বুলড’জাৰ