কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত তিনিজন যুৱকৰ প্ৰচেষ্টাত আজি নুমলীগড় শোধনাগাৰৰ এখন খাৰুৱা তেল পৰিবাহী ট্ৰেইন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।
ৰে’ল বিভাগৰ এক সূত্ৰই সদৰী কৰা অনুসৰি নুমলীগড় ৰিফাইনেৰিৰ পৰা আই অ’ চিটি লৈ ৫০ টা পেট্ৰল, ডিজেল, নেফটা তেল ভৰ্তি ডবাৰ সৈতে আহি থকা ৰে’লখন স্থানীয় যুৱক কেইজনৰ তৎপৰতাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।
উল্লেখ্য যে আজি পুৱাৰ ভাগত খুমটাইৰ বগৰিয়নী অঞ্চলৰ অনন্ত গগৈ ,ৰাজেশ গৰাইট, চুবু কুৰ্মীয়ে উক্ত ৰে’লপথৰ কাষেৰে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী থ’বলৈ আহোতে ৰে’লৰ চিৰি বিচ্ছিন্ন হৈ থকা প্ৰত্যক্ষ কৰে।
সেই সময়তে তেওঁলোকে নুমলীগড় শোধনাগাৰৰ পৰা ওলাই অহা খাৰুৱা তেল ভৰ্তি ট্ৰেইনখনৰ শব্দ শুনা পাই বুদ্ধিমত্তাৰ পৰিচয় দি ৰে’ল লাইনৰ কাষতে থকা এটা বাসগৃহৰ পৰা এখন ৰঙা ৰঙৰ চাদৰ আনি ৰে’লপথটোৰ সোঁমাজত আঁৰি চালকক ট্ৰেইন ৰাখিবলৈ সংকেত দিয়ে।
ৰঙা কাপোৰ দেখি প্ৰায় ৩০০ মিটাৰ আঁতৰত ট্ৰেইনখন ৰখাই চালকজনে এই বিষয়ে সোধাত যুৱক কেইজনে ৰে’লপথৰ চিৰি ভাঙি থকা কথা জনায়।
সংবাদ মাধ্যমৰ আগত ট্ৰেইনখনত থকা চালকসহ চাৰিজন কৰ্মচাৰীয়ে উক্ত ভঙা চিৰিৰ ওপৰেদি ট্ৰেইনখন চলি যোৱা হ’লে দুৰ্ঘটনা ঘটাটো প্ৰায় নিশ্চিত আছিল বুলি কয়। ঘটনাস্থলীত খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ লগতে ৰে’ল বিভাগৰ লোক উপস্থিত হৈ চিৰিসমূহ মেৰামতিৰ কৰি প্ৰায় তিনিঘন্টাৰ অন্তত ট্ৰেইনখন যোৱাৰ ব্যৱস্থা কৰে।
আনহাতে, একাংশ স্থানীয় লোকে ৰে’ল বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এইদৰে ৰে’লৰ চিৰি বিচ্ছিন্ন হৈ আছিল বুলি অভিযোগ কৰে।
বগৰিয়নীৰ উক্ত যুৱককেইজনৰ সাহসিকতা আৰু বুদ্ধিমত্তাৰ বাবে অঞ্চলটো এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰাত উপস্থিত আৰক্ষী, ৰে’লবিভাগ লোক, সাংবাদিক আৰু স্থানীয় ৰাইজে যুৱককেইজনৰ শলাগ লয়।
লগতে পঢ়ক – ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবনে লামডিং-বদৰপুৰৰ ৮৫ কিঃমিঃ ৰে’লপথৰ মেৰামতিৰ কাম?