খুমটাই: বৃহস্পতিবাৰে খুমটাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্মীসকলে এক প্ৰতিবাদ কাৰ্য্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছে কৰ্মচাৰীসকলে।

সমগ্ৰ ৰাজ্যৰ প্ৰায় ৮৩০০ কৰ্মচাৰীয়ে একে সময়তে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী।

কঠালগুৰি কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত বহি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে কৰ্মচাৰীসকলে। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৰূপায়িত হোৱা কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট চলিব অহা ৭ ফেব্ৰুৱাৰীলৈ ।

লগতে পঢ়ক – টীয়কত নেহৰু যুৱ কেন্দ্ৰৰ এদিনীয়া প্ৰশিক্ষণ আৰু সজাগতা সভা সম্পন্ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply