বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতত অনুষ্ঠিত হয় সদৌ অসম চাওঁতাল যুৱ সন্থাৰ এখন পূৰ্ণ পৰ্যায়ৰ কাৰ্যনিবাহক সভা।

বোকাখাতৰ মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সভাপতি বিনোদ চৰেনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উদ্দেশ্য বাখ্যা কৰে সদৌ অসম চাওঁতাল যুৱ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনন্ত চৰেনে।

লগতে সভাত উপস্থিত থাকে সদৌ অসম চাওঁতাল যুৱ সন্থাৰ উপদেষ্টা দিম্বোলাল মূৰ্মো তথা আদিবাসী সামাজিক শিক্ষা আৰু সাংস্কৃতিক সন্থা(এচেকা,অসম)ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উৎপল চৰেণ আৰু বিভিন্ন ঠাইৰ পৰা অহা সংগঠনটোৰ যথেষ্ঠ সংখ্যক বিষয়ববীয়া আৰু সদস্য সকল।

সভাত কেন্দ্ৰীয় নৱগঠিত পূৰ্ণাংগ সমিতিৰ সক্ৰিয় সদস্যক দ্বায়িত্ব অৰ্পন কৰাৰ লগতে চাওঁতাল সমাজৰ গাওঁবুঢ়া মাঝিবাবা সকলৰ সহযোগত সদৌ অসম চাওঁতাল যুৱ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিখনো গঠন কৰা হয়।

ইফালে নিজা কলাকৃষ্টি তথা ভাষা সাহিত্যৰে পৰিপূৰ্ণ জাতিটোক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে জাতিগত প্ৰমাণপত্ৰৰ প্ৰসংগত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে দাবী জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক – হিৰো আই ডব্লিউ এল; মণিপুৰৰ হাতত পৰাস্ত গুৱাহাটী চিটী এফ চি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply