নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অসমত ক’ভিড সংক্ৰান্তীয় সকলো নিৰ্দেশনা মঙলবাৰৰ পৰা প্ৰত্যাহাৰ কৰিছে।
পূৰ্বে চৰকাৰে জাৰি কৰা ক’ভিড সংক্ৰান্তীয় সকলো নিৰ্দেশনা আজিৰে পৰা শিথিল কৰা হৈছে। পিছে সকলো নাগৰিকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে। ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলিব লাগিব। কোভিড ভেকচিনৰ দুয়োপালি গ্ৰহণ কৰা লোকেহে ৰাজহুৱা স্থানত মুকলিকৈ ভ্ৰমণ কৰিব পাৰিব। ভেকচিন লোৱা সকলে দুয়োপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ নিজৰ লগত ৰাখিব লাগিব। কোভিড ভেকচিনৰ দুয়োপালি গ্ৰহণ নকৰা লোকক হস্পিতালৰ বাহিৰে কোনো ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।
ইফালে ৰাজ্যত চলি থকা নৈশ সান্ধ্য আইনো আজিৰে পৰা প্ৰত্যাহাৰ কৰা হৈছে। নিশা নিজৰ ইচ্ছা অনুযায়ী ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ৰাখিব পাৰিব। প্ৰতিষ্ঠানসমূহত ভিৰ কৰাৰ ক্ষেত্ৰটো কোনো বাধা নিষেধ আৰোপ কৰা নাই।
লগতে পঢ়কঃএইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ নিলাম হ’ল ৯৯,৯৯৯ টকাত
আনহাতে আজিৰে পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খুলিবলৈ নিৰ্দেশ দিছে চৰকাৰে।
প্ৰথম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত আৰম্ভ হৈছে অফলাইন পাঠদান।
শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ মাজত থাকিব লাগিব ৬ফুটৰ ব্যৱধান। শিক্ষাৰ্থীয়ে শ্ৰেণীৰ বাহিৰে-ভিতৰে এই নিয়ম মানি চলিব লাগিব। এটা শাখাত কেৱল ৩০গৰাকীহে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰিব। বিদ্যালয়ত থাকিব লাগিব থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা। শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিদিনে তাপমাত্ৰা পৰীক্ষা কৰিব লাগিব। লগতে মাস্ক-ছেনিটাইজাৰৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব। প্ৰতি সপ্তাহে ছেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠান।
বিমান বন্দৰ, ৰেলৱে ষ্টেচন, হস্পিতাল আদিত বাধ্যতামূলক কোভিড পৰীক্ষা প্ৰত্যাহাৰ কৰা হৈছে। সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নাথাকে কোনো বাধা নিষেধ।