নিউজ ডেস্ক : এক বৃহৎ ভূমি কেলেংকাৰিত সাঙুৰ খাই পৰিছে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ নাম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্যা ৱায়াৰ আৰু দ্যা ক্ৰছকাৰেণ্টৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছে এই ভূমি কেলেংকাৰিৰ তথ্য।
সংবাদ প্ৰতিষ্ঠান দুটাৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ মতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা ৰিয়েল ষ্টেট কোম্পানীয়ে গুৱাহাটী মহানগৰীৰ সমীপত বেআইনীভাৱে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী মাটি ক্ৰয় কৰিছে।
প্ৰতিবেদনটোৰ মতে কেইবা কোটি টকীয়া এই ভূমিখিনিৰ অধিকাংশ অংশ কোম্পানীটোৱে দুটা পৰ্য্যায়ত, ২০০৬-০৭ চন আৰু ২০০৯ চনত, ক্ৰয় কৰিছিল।
উক্ত ভূমিখিনি কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বঙৰা গাঁৱৰ বিভিন্ন লোকৰ নামত আৱণ্টন দিয়া আৰু উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ নমলী জলাহ গাঁৱৰ ৰাজহুৱা অনুষ্ঠানৰ নামত আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
লক্ষণীয়ভাৱে ভূমি কেলেংকাৰিত নাম সাঙুৰ খাই পৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত বৰ্তমান মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ সৰ্বাধিক অংশীদাৰীত্ব আছে।
বুধবাৰে দ্যা ৱায়াৰ আৰু দ্যা ক্ৰছকাৰেণ্টত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজৰ দলে উক্ত বাতৰিৰ পিছতে এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী তোলে।
ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে সংবাদমেলত কয়, ”দ্যা ক্ৰছকাৰেণ্ট আৰু দ্যা ৱায়াৰৰ এটা বিস্ফোৰক অনুসন্ধানত অসমৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোটি কোটি টকাৰ ভূমি কেলেংকাৰি তথ্য সহকাৰে প্ৰকাশ পাইছে। আৰু আমি ৰাইজৰ দলে দৃঢ়তাৰে দাবী জনাও যে মুখ্য মন্ত্ৰীৰ পত্নীৰ এই কাৰ্য্যত নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আৰু নহ’লে নৈতিক দায়িত্ব লৈ তেওঁক কেন্দ্ৰীয় বিজেপি চৰকাৰে অনতিপলমে বৰ্খাস্ত কৰক।”
আনহাতে অসম জাতীয় পৰিষদে ইয়াক ‘ৰাজনৈতিক পৃষ্টপোষকতাত অসমৰ ইতিহাসত সৰ্ববৃহৎ ভূমি কেলেংকাৰি’ বুলি অভিহিত কৰে। আজি এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এইদৰে কয়।
মুখ্য মন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক কংগ্ৰেছৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বাদ্ৰাৰ সৈতে তুলনা কৰি তেওঁ কয়, ”আপোনালোকে ৰবাৰ্ট বাদ্ৰাৰ নাম শুনিছে, মাটি কেলেংকাৰী লৈ তেওঁ সৰ্বজনবিদিত, চাৰিওফালে আলোচনা বিলোচনা হৈ থাকে। বিজেপিয়ে ইচ্ছুও কৰি থাকে। এতিয়া অসমত ৰবাট বাদ্ৰা উলাইছে। অসমৰ ৰবাট বাদ্ৰা কোন আপোনালোকে নিশ্চয় জানে। এতিয়া প্ৰমাণ হৈ গৈছে যে অসমৰ ৰবাট আন কোনো নহয় অসমৰ মুখ্য মন্ত্ৰীৰ সহধৰ্মীনি ৰিণিকি ভূঞা শৰ্মা।”
দলটোৱে এই সমগ্ৰ বিষয়টোত চৰকাৰক অহা ২৪ ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে। ইয়াৰ উপৰি তেওঁলোকে কোনোবা এগৰাকী কাৰ্য্যকৰী ন্যায়ধীশৰ নিৰীক্ষণত এনফৰ্চমেণ্ট ডিৰেক্টৰেট আৰু চি বি আইৰ তদন্ত কৰিবলৈ দাবী জনায়।
দ্যা ক্ৰছকাৰেণ্টত প্ৰকাশ পোৱা অনুসন্ধানৰ সম্পূৰ্ণ প্ৰতিবেদন পঢ়িবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : হেলিকপ্টাৰ দুৰ্ঘটনা: চি ডি এছ বিপিন ৰাৱট, পত্নী আৰু আন ১১জনৰ মৃত্যু