লখিমপুৰ : লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ নিৰ্মাণ কাৰ্য্যৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ আনিছে সদৌ অসম নিবনুৱা সন্থাই।
বুধবাৰে সদৌ অসম নিবনুৱা সন্থাৰ লক্ষীমপুৰ জিলা সমিতিয়ে নিৰ্মাণৰত চিকিৎসা মহাবিদ্যালয়খনত দুৰ্নীতি চলি থকাৰ অভিযোগ আনি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘত কাৰ্য্যসূচী পালন কৰে।
সংগঠনটোৱে অভিযোগ কৰে যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত পৰীক্ষা অবিহনেই একাংশ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে।
লখিমপুৰ -ধেমাজীৰ শিক্ষিত নিবনুৱাসকলক বঞ্চিত কৰি আন জিলাৰ যুবক -যুবতীক এই পদ সমূহত মকৰল কৰাক লৈ নিবনুৱা সন্থা ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।
শীঘ্ৰেই নিয়ম অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনায়।
লগতে পঢ়ক : আইবা বক্সিং চেম্পিয়নশ্বিপ ২০২১ : ছেমি ফাইনেলত প্ৰৱেশ আকাশ কুমাৰৰ