বোকাখাত, উত্তম কুমাৰ শৰ্মা: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া খোদ বিজেপি চৰকাৰৰ দিনতে এতিয়া ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

পঞ্চায়ত প্ৰতিনিধিৰ প্ৰত্যক্ষ সহযোগতে পঞ্চায়ত সমূহত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি।

ৰাজ্যৰ বিভিন্ন পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ সমান্তৰালকৈ এইবাৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তত সংঘটিত আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই।

উল্লেখযোগ্য যে বিজেপিৰ দখলত থকা বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও একাধিক বাৰ চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও একাংশ উৰ্ধতম দলীয় নেতাৰ আৰ্শীবাদতে তদন্তৰ আওতালৈ অহা নাছিল কাৰ্যালয়টোৰ দুৰ্নীতিত জড়িত লোকসকল। শেহতীয়াকৈ এইবাৰ খোদ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ।

অভিযোগ অনুসৰি ২০২০-২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ ৫,৫০,০০০ টকা ব্যয়ৰে বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াপথাৰ খেড়িয়া বস্তীৰ ২৬৭ নং অংগনবাড়ী কেন্দ্ৰত নিৰ্মাণ কৰা এটা চ’লাৰ চালিত পানী যোগান আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈছে।

অসম চাহ জনজাতি ছাত্ৰ সংগঠনটোৰ অভিযোগ-বিজেপিৰ দখলত থকা পঞ্চায়তটোৰ খোদ সভানেত্ৰী গৰাকীৰ পৃষ্ঠপোষকতাতে দুৰ্নীতি তথা অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে উক্ত আঁচনিৰ কাম, লগতে আঁচনি সন্দৰ্ভত তথ্য ৰাজহুৱা নকৰাৰ অভিযোগ সংগঠনটোৰ।

সংগঠনটোৱে জানিবলৈ দিয়া মতে যোৱা ৩জুন তাৰিখে উক্ত আঁচনিৰ নমুনা বিচাৰি  সংগঠনটোৱে পঞ্চায়তটোৰ সভাপতি/ সম্পাদকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল যদিও সভানেত্ৰী গৰাকীয়ে বিভিন্ন ভুৱা অজুহাত দেখুৱাই সমগ্র বিষয়টোৰ পৰা ফালৰি কটাৰ লগতে উক্ত আঁচনিৰ কোনো তথ্যই কাৰ্যালয়টোত মজুত নৰখাৰ অভিযোগ উত্থাপিত হৈছে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে।

ইফালে জানিব পৰা মতে উক্ত আঁচনি ৰূপায়ন সন্দৰ্ভত পঞ্চায়টোৰ অধিকাংশ সদস্যৰ লগতে পঞ্চায়তটোৰ উপসভাপতি তথা ৱাৰ্ড সদস্যৰ  উপৰিও আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীও অৱগত নহয়।

স্বাভাৱিকতেই দুৰ্নীতিত পোত যোৱা পঞ্চায়তটোৰ লগতে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে শুক্ৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিকুল বতৰকো নেওচি পঞ্চায়ত কাৰ্যালয়টোৰ সন্মুখত সংগঠনটোৱে সভানেত্ৰী গৰাকীৰ লগতে বিজেপি বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও শীৰ্ঘ্ৰেই সভানেত্ৰী গৰাকীক তদন্তৰ আওতালৈ আনিবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় প্ৰশাসনক দাবী জনায়।

লগতে পঢ়ক – কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অহা ১৫ জুনত যোগ প্ৰতিযোগিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply