বোকাখাত, উত্তম কুমাৰ শৰ্মা: প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন আৱণ্টনৰ ক্ষেত্ৰত ৰাজ্যত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ হৈ চৈ মাৰ নৌযাওতেই ৰাজ্যত পুনৰ উন্মোচিত হৈছে আন এক দুৰ্নীতিৰ তথ্য।

এইবাৰ ৰাজ্য চৰকাৰৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য।

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ নামত এইবাৰ বোকাখাতৰ বিহৰা সাপ্তাহিক ছাগলী বজাৰৰ ভুৱা ৰচিদ ব্যৱহাৰ কৰি লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে বিগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতাৰ পথ মুকলিৰ অর্থে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’ৰ অধীনত হাঁহ-কুকুৰা, গৰু, ছাগলী আৰু গাহৰি আদি পালনৰ বাবে আর্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ সেই অনুসৰি, গ্ৰামাঞ্চলৰ প্ৰায় ৪৫০টা গোটে ছাগলী, গাহৰি, কুকুৰা আদি পালনৰ বাবে আৱেদনপত্ৰ পুৰণ কৰিছিল যদিও এইবাৰ বোকাখাতত ভূৱা আত্মসহায়ক গোট গঠন কৰি লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে।

বোকাখাতৰ বিহৰা ছাগলী বজাৰৰ ভুৱা ৰচিদ বহী চপা কৰি বোকাখাতৰেই সুজিত ভুঞা আৰু নবিৰুল নামৰ দুই ব্যক্তিয়ে বিহৰা ছাগলী বজাৰৰ পৰা ভুৱাকৈ ছাগলী ক্ৰয় কৰা দেখুৱাই ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’ৰ পৰা ৫ লক্ষাধীক টকা ইতিমধ্যে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

প্ৰকৃত ৰচিদ
ভুৱা ৰচিদ

শেহতীয়াকৈ নিজা ববীয়াকৈ এই সমগ্ৰ কাণ্ডৰ অনুসন্ধান কৰি তথ্য পোহৰলৈ আনিছে বোকাখাতৰ বিহৰা ছাগলী বজাৰৰ অনুজ্ঞাপ্ৰাপ্ত মহলদাৰ গোপাল দাসে।

অভিযোগ অনুসৰি গোলাঘাটৰ জিলা পৰিষদে বিহৰা ছাগলী বজাৰক প্ৰদান কৰা ৰচিদ বহীৰ আৰ্হিত ভুৱা ৰচিদ ছপা কৰি ‘মহাদেৱ’ আৰু ‘পোহৰ’ৰ নামৰ দুটাকৈ আত্ম সহায়ক গোটৰ নামত ধন সৰকাই নিলে সুজিত ভুঞা আৰু নবিৰুল নামৰ দুই ব্যক্তিয়ে।

উল্লেখযোগ্য যে জিলা পৰিষদৰ নাম সন্নিৱিষ্ট চীল মোহৰৰ ঠাইত জিলা পৰিষদ নামেৰে ভুৱা চীল মোহৰ প্ৰস্তুত কৰাৰ লগতে মহদাৰৰ চহীও জালিয়াতি কৰি আহিছে দুষ্টচক্ৰটোৱে।

এই সন্দৰ্ভত মহলদাৰ গোপাল দাসে বোকাখাতৰ মহকুমাধিপতি আৰু গোলাঘাট জিলা পৰিষদক ইতিমধ্যে লিখিত অভিযোগ প্ৰদান কৰিছে।

ইফালে এই সমগ্ৰ ধন আত্মসাৎ কাণ্ড সন্দৰ্ভত যোৱা ২৩ মে’ত মহলদাৰ গোপাল দাসে বোকাখাত আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছিল যদিও ৰহস্যজনকভাৱে গোচৰ ৰুজু কৰিবলৈ অমান্তি প্ৰকাশ কৰে বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে। ফলত দাসে গোচৰ উঠাই আনিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’ৰ ক্ষেত্ৰত ভুৱা ৰচিদ ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰা ঘটনাক লৈ সম্প্ৰতি বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

লগতে পঢ়ক – বানৰ ক্ষতিৰ বুজ লোৱাৰ বাবে দৰঙত উপস্থিত কেন্দ্ৰীয় দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply