শিৱসাগৰ: শিৱসাগৰ জিলাত প্ৰধান মন্ত্ৰী আৱাস যোজনাত ব্যাপক দূৰ্নীতিৰ অভিযোগ উঠিছে। জিলাখনৰ খেলুৱা উন্নয়ণ খণ্ডত যোৱা ১০ বছৰত প্ৰধান মন্ত্ৰী আৱাস যোজনা ঘৰৰ নামত ১০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ আনিছে ৰাইজে দলে।
বৃহস্পতিবাৰে ৰাইজৰ দলে এই সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। খেলুৱা ব্লকৰ অন্তৰ্গত পঞ্চায়ত প্ৰতিনিধি, জিলা পৰিষদৰ সচিব, খেলুৱা উন্নয়ণ খণ্ডৰ বিষয়াৰ লগতে বহু কৰ্মচাৰী এই দূৰ্নীতিৰ লগত জড়িত বুলি ৰাইজৰ দলে অভিযোগ আনে।
এজাহাৰ দাখিল কৰি ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰে সংবাদ মাধ্যমৰ আগত কয়, ‘’২০০৬ চনৰ পৰা ২০১৭ চনলৈ প্ৰধান মন্ত্ৰী ইন্দিৰা আৱাস যোজনাৰ নামত খেলুৱা উন্নয়ণ খণ্ডলৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৫১৩ টা ঘৰৰ অনুমোদন কৰা হৈছিল। দুখীয়া মানুহৰ নামত অহা উক্ত ৫১৩ টা অনুমোদিত ঘৰৰ ভিতৰত প্ৰায় ৩৯৬ টা ঘৰৰ বাবদ থকা ধন ভুৱা হিতাধিকাৰী দেখুৱাই ইতিমধ্যে আত্মসাৎ কৰা হৈছে।‘’
এই সমগ্ৰ কেলেংকাৰীত খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা, পঞ্চায়তৰ সম্পাদক আৰু জিলা পৰিষদৰ চি ই অ’ জড়িত আছে বুলি লস্কৰে অভিযোগ কৰি উক্ত সময়ছোৱাত কৰ্মৰত ৭জন খণ্ড উন্নয়ন বিষয়া, ১৮ জন পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – কংগ্ৰেছ দলৰ পৰা পদত্যাগ জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবি আজাদৰ