চন্দন বৰা, কমাৰগাঁও: দীঘলীয়া আন্দোলন আৰু কেইবাগৰাকীও জাতি প্ৰেমীৰ শ্বহীদৰ ফচল মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ এম এ চিত এতিয়া ছানি ধৰিছে অনিয়ম-অনীতিয়ে। একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু জনপ্ৰতিধিয়ে চৰকাৰী ধনৰ ওপৰত চলাইছে লুণ্ঠনৰাজ। এম এ চিৰ একাংশ জি এম (সাধাৰণ সদস্য) আৰু ই এম (কাৰ্যবাহী সদস্য)ই ৰাইজলৈ পিঠি কেৱল আৰু কেৱল নিজৰ মুনাফাৰ অংকত ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰৰ সৈতেৰ মিলি আত্মসাৎ কৰিছে আঁচনিৰ সিংহভাগ ধন।

শেহতীয়াকৈ এনে গুৰুত্বৰ আভিযোগ উঠিছে গোলাঘাট জিলাৰ অন্তৰ্গত তথা এম এ চিৰ ২৮ নং ধনশিৰি দিচৈ আৰু ২৯ গেলাবিল সমষ্টিত। অভিযোগ অনুসৰি সমষ্টি দুটাৰ জি এম দুগৰাকীয়ে বৃহৎ কমিছনৰ অংকত অনৈতিকভাৱে অবিজ্ঞানসন্মত আঁচনি প্ৰস্তুত কৰি মৌখিক নিৰ্দেশ দি নিজৰ ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰক আঁচনিৰ কাম কৰিবলৈ দিয়ে।

পৰৱৰ্তী সময়ত ৰাইজক আন্ধাৰত ৰাখি ইতিমধ্যে আঁচনিৰ কৰা কামৰ পৰিমাণতকৈ বহুগুণ বেছি টকাৰ আবণ্টন দি লাখ লাখ টকা আত্মসাত কৰে। শেহতীয়াকৈ একে নীতি অৱলম্বল কৰি ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ৬০ লাখ টকা আত্মসাত কৰাৰ এক ব্লুপ্ৰিন্ট ৰচনা কৰিছে।

তথ্য অনুসৰি যোৱা বর্ষত ঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত তথা এম এ চিৰ ২৮ নং ধনশিৰি দিচৈ সমষ্টিৰ ৰহিতা-কেমেৰি, ৰিৰি-এলেংমাৰী আৰু ধনশিৰি হাঁহচৰাত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে বাঁহ আৰু পকী পাৰ্কুপাইন দিয়াৰ কৰিছিল। সমষ্টিৰ জি এম গৰাকীয়ে নিৰ্দিষ্ট ঠিকাদাৰৰ যোগেদি এই কাম সম্পাদন কৰিছিল। এতিয়া উদ্বেগজনক ঘটনাটো হৈছে উক্ত তিনিটা স্থানীয় গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কৰা কামৰ পৰিমানতকৈ বহু গুণ বেছি টকা আবণ্টন দি ইতিমধ্যে যোৱা মাহত নিবিদা গ্ৰহণ কৰিছে এম এ চিয়ে।

উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে স্থানীয় গাঁও প্ৰধান আৰু নৈপৰীয়া ৰাইজে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে জনাই দিছে যে ৰিৰি- এলেংমাৰী, ৰহিতা-কেমেৰি আৰু ধনশিৰি- হাঁহচৰাত ৪০/৫০ হাজাৰ টকাৰে পাৰ্কুপাইনৰ কাম কৰিছে। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে এই ব্যাপক অনিয়মৰ বাতৰি।

তথ্য অনুসৰি যোৱা বৰ্ষত ব্ৰহ্মপুত্ৰৰ আৰু ধনশিৰিৰ দৰে বিশাল নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কল্প ধাৰণা লৈ বিহংগতিপূৰ্ণভাৱে ৰূপায়ন কৰা পাৰ্কুপাইনৰ আঁচনিৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষৰ পুঁজিৰ ৰিৰি-এলেংমাৰীত ২৫ লাখ টকা, ৰহিতা-কেমেৰিত ১৫ লাখ টকা আৰু ধনশিৰি হাঁহ চৰাত ২০ লাখ টকা আবণ্টন দিছে। বাঁহৰ পাৰ্কুপাইন আৰু নগণ্য সংখ্যক পকী পাৰ্কুপাইন দিয়া কামৰ বিপৰীতে লাখ লাখ টকা আবণ্টন দিয়া কাৰ্যত চকু কপালত উঠিছে নৈপৰীয়া ৰাইজৰ।

উল্লেখযোগ্য যে যোৱা বৰ্ষত ভৰ বাৰিষা অহা নাছিল যদিও বিহংগতিপূৰ্ণভাৱে স্থাপন কৰা পাৰ্কুপাইনসমূহ যথা স্থানত এতিয়াও পৰি আছে। ইপিনে এম এ চিৰ ২৯ নং গেলাবিল সমষ্টিটো আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংগঠিত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে। বিগত সময়ত দুৰ্নীতিক কেন্দ্ৰ কৰি বহুবাৰ ২৯ নং গেলাবিল সমষ্টিৰ জি এম গৰাকীয়ে বাতৰি কাকতত শিৰোনাম দখল কৰিছে।

জি এম দুগৰাকীয়ে পাহাৰসম দুৰ্নীতি সংগঠিত কৰি ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰৰ সৈতে মিলি আঁচনিৰ সিংহভাগ ধন আত্মসাত কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। কাৰ্যকালৰ অন্তিম দিন চমু চাপি অহাৰ লগে লগে টকা ঘটাৰ প্ৰতিযোগিতাখন আৰু অধিক তীব্রতৰ হৈ উঠিছে। আভিযোগ অনুসৰি আগতীয়া টকা নিদিলে কোনো আঁচনিয়েই এক্সন প্লেনত অন্তৰ্ভূক্ত নকৰে জি এম দুগৰাকীয়ে। ইয়াৰ জলন্ত উদাহৰণ হৈছে মহুৰামুখ প্ৰেছ ক্লাৱৰ এখন আবেদন। যোৱা ২০১৭ চনতেই ক্লাবৰ কাৰ্যালয় গৃহ আৰু এটা সভা গৃহ নিৰ্মাণৰ কাৰণে এম এ চিৰ পৰা পুঁজি বিচাৰি আবেদন কৰা হৈছিল, কিন্তু আজিকোপতি আঁচনিৰ প্লেন এণ্ড এষ্টিমেট সহ প্ৰেছ ক্লাৱে পুঁজি বিচাৰি দিয়া আবেদনখন গুৰুত্ব নিদিলে এম এ চিয়ে।

আনহাতে ২৯ নং সমষ্টিৰ জি এম গৰাকীয়ে স্বামীৰ নামত আৰু ২৮ নং সমষ্টিৰ জি এম গৰাকীয়ে পুত্ৰৰ নামত ঠিকা লৈ চৰকাৰী আঁচনিৰ লাখ লাখ টকা আত্মসাত কৰি সম্পত্তিৰ পাহাৰৰ গঢ়িছে বুলিও অভিযোগ উঠিছে। ইপিনে ঠিকা দিয়াৰ নামতো বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে তথাকথিত জনপ্ৰতিনিধি দুগৰাকীৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ চাৰিসীমা পকী বেৰ, গৃহ নিৰ্মাণ, নাট্য মন্দিৰ নিৰ্মাণ, ওখ ভেটি নিৰ্মাণ, গৰাখহনীয়া নিৰ্মাণ আদি প্ৰতিটো আঁচনিৰ বিপৰীতে প্ৰস্তুত কৰা প্ৰাককলনত নিৰ্ধাৰিত কামৰ পৰিমাণতকৈ কম কাম কৰি আঁচনিৰ সিংহভাগ ধন আত্মসাত কৰাৰ মুকলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে।

এম এ চিখন টকা ঘটাৰ আহিলা হিচাপে লৈ একালত সাধাৰণ জীৱন যাপন কৰা জি এম দুগৰাকীয়ে এতিয়া বিলাসী গাড়ীত উঠি বিলাসী জীৱন কটাইছে।

জানিব পৰা মতে এম এ চি যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰা ই এম গৰাকীয়ে দুৰ্নীতিৰে ভৰি পৰা ২৮ নং ধনশিৰি দিচৈ আৰু ২৯ গেলাবিল সমষ্টিৰ সকলো কাম কাজৰ পৰ্যবেষণৰ দায়িত্বত আছে। উক্ত এম চিৰ সমষ্টি দুটাত মুকলিকৈ দুৰ্নীতি সংঘটিত হৈ থকাৰ পাছতো পৰ্যবেষক গৰাকীৰ নীৰৱ ভূমিকা ৰস্যজনক।

ইপিনে জাতীয় সংগঠন সমূহেও বিষয়টোত চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ কৰি স্থানীয় সচেতন ৰাইজে আচৰ্য্য প্ৰকাশ কৰিছে। দীঘলীয়া আন্দোলন আৰু কেইবাগৰাকীও জাতি প্ৰেমী চহিদৰ ফলত পৰিষদৰ এলেকাত বাস কৰা মিচিঙসকলৰ ওপৰি সকলো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে গঠিত পৰিষদখন আচলতে কাৰ বাবে? এনে প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।

পৰিষদৰ এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৰলতাৰ সুযোগ লৈ অজ্ঞাতে ২৮ নং ধনশিৰি দিচৈ আৰু ২৯ গেলাবিল সমষ্টিত ঠিকাদাৰ আৰু জনপ্ৰতিধিয়ে চলাই আছে লুণ্ঠনৰাজ।

ব্যাপক দুৰ্নীতি আৰু অনিয়ম বন্ধ কৰিবলৈ ৰূপায়িত প্ৰতিটো আঁচনি তদন্ত কৰি ৰাইজৰ বাবে অহা চৰকাৰী ধন হৰলুকী কৰা ব্যক্তিসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ গোলাঘাট জিলা উপায়ুক্তক দাবী জনাইছে ৰাইজে। ইপিনে সমগ্ৰ দুৰ্নীতিৰ বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে লগ ধৰিব এটা সজাতি দলে।

লগতে পঢ়ক – মহানগৰীৰ গান্ধীবস্তিত নলাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply