কমাৰগাঁও, চন্দন বৰা: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতো উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই বোকাখাত বিধানসভা সমষ্টিৰ আলামী মাজগাঁও আৰু ৰোহিতা অঞ্চলৰ পথসমূহহে আজি পৰ্যন্ত উন্নয়ন মুখ দেখা নাই।
কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰতিনিধিত্ব কৰা বোকাখাত সমষ্টিৰ দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰোহিতা আৰু দুসুতিমুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আলামি মাজগাঁও, ভলুকাগুৰি ফেৰীঘাট সংযোগী পথত থকা এটা ভঙা কালভাৰ্টৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যান্ত্ৰনা ভুগি আহিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে উক্ত পথটোত থকা দুটা ভঙা কালৰ্ভাটাৰ বাবে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী-প্ৰসূতি লগতে সৰ্বসাধাৰণ ৰাইজে দুডাল বাঁহৰ সাঁকোৰে দৈনিক বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছে । যাৰফলত কেইবাজনো ছাত্ৰ-ছাত্ৰী উক্ত সাঁকোৰ পৰা পৰি দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে আজি উক্ত পথ আৰু ভঙা পুল নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে দুসুঁতীমুখ পঞ্চায়ত আৰু দিচৈ গাঁও পঞ্চায়তৰ সভাপতি দুগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে পঞ্চায়ত দুটাই পথটো নিৰ্মাণত লক্ষাধিক টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে।
ৰাইজৰ অভিযোগ অনুসৰি এক কিঃমিঃ পথটো এম জি এনৰেগাৰ জৰিয়তে কৃষিবান্ধ হিচাপে নিৰ্মাণৰ বাবে দুসুঁতীমুখ পঞ্চায়তে ৫০০ মিটাৰ ৯,২৮,৬৪৬ টকা আৰু দিচৈ গাঁও পঞ্চায়তে পাছৰ ৫০০ মিটাৰ পথ কৃষিবান্ধ হিচাপে নিৰ্মাণৰ বাবে ৯,২৮,৬৪৬ টকা আৱন্তন দিছিল। কিন্তু পথটো নিৰ্মাণৰ নামত বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
আনহাতে দুসুঁতীমুখ গাওঁ পঞ্চায়তৰ সভাপতি পুষ্প পাটগিৰি আৰু দিচৈ পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে উক্ত পথটো( কৃষিবান্ধ) নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ আনি বিষয়টোৰ বিভাগীয় তদন্ত কৰিবলৈ কৃষি মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।
তাৎপৰ্যপূৰ্ণ যে উক্ত পথটো শিলগুটি বালি সংমিশ্ৰণ দিবৰ বাবে সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ২ লাখ ৫০ হাজাৰ টকা বিধায়ক পুঁজিৰ পৰা আৱণ্টন দিছিল যদিও সামন্য শিলগুটি পেলাই উক্ত ধনৰাশি একাংশই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক – লক্ষ্মী যদি আহে লক্ষ্মীক খেদি পঠাব নেকি? কিয় এনেদৰে ক’লে মুখ্য মন্ত্ৰীয়ে?