ৰূপহীহাট: নগাঁও জিলাৰ লাওখোৱা-বুঢ়াচাপৰী অভয়াৰণ্যৰ অন্তৰ্গত বিভিন্ন জলাশয়ত একাংশ লোকে অবৈধভাবে মাছ মৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ লাওখোৱা সুতিত এটা চক্ৰই বিগত কিছুদিন ধৰি মাছ ধৰি আহিছে।
লাওখোৱাৰ স্থানীয় একাংশ লোকে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াক এই সম্পৰ্কত এখন অভিযোগ পত্ৰ প্ৰদান কৰে।
উক্ত অভিযোগ পত্ৰত উল্লেখ থকা মতে বিগত কিছুদিন ধৰি লাওখোৱা সুতিৰ পশ্চিম দিশে এটা চক্ৰই অবৈধভাৱে ভেটা দি মাছ ধৰি আহিছে। তদুপৰি উক্ত চক্ৰটোৱে বনাঞ্চলৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ চৰাইৰ নিধন কাৰ্য চলাই অহাৰো অভিযোগ উঠিছে।
লাওখোৱা সুঁতিৰ ওচৰতে লাঠিমাৰি,সুতিৰপাৰ আদি বন শিবিৰ থকাৰ পিছতো ৰহস্যজনকভাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
উল্লেখযোগ্য যে লাওখোৱা-বুঢ়াচাপৰী অভয়াৰণ্য দুখনৰ মাছধৰা অঞ্চল সমূহৰ অন্যতম হৈছে ৰৌমাৰি, দণ্ডুৱা, মোৱামাৰি, হিজলতলি,খৰনলি, চৈধ্যমাল, চাটাকুৰি, চিলমাৰী আদি।
সাত-আঠ মাহৰ পূৰ্বে অবৈধভাবে মাছ ধৰা এটা চক্ৰ আৰু বনকৰ্মীৰ সংঘাতো হৈছিল। অৱশ্যে বন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত অবৈধভাবে মাছ ধৰা চক্ৰটোৰ কাম-কাজ কিছু পৰিমাণে স্তব্ধ হৈছিল যদিও শেহতীয়াকৈ পুনৰ সক্ৰিয় হৈ উঠিছে চক্ৰটো।
স্থানীয় ৰাইজে বন বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষক অবৈধভাবে মাছ ধৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক : কাৰ্বি আংলঙত ২.৫ কোটি টকাৰ হেৰোইন জব্দ; এজন গ্ৰেপ্তাৰ