বোকাখাত, উত্তম কুমাৰ শৰ্মা: শিশু সুৰক্ষা আইন (Juvenile Justice (Care and Protection of Children) Act, 2015) ৰ অধীনত বোকাখাত নিৰ্মাণ গোট নামৰ স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা পৰিচালিত বোকাখাত শিশুগৃহৰ সম্পাদক ফণিধৰ গগৈৰ বিৰুদ্ধে শিশু সুৰক্ষা আইন ভংগৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

উক্ত অভিযোগৰ পৰিপ্ৰেক্ষিতত বোকাখাত নিৰ্মাণ গোটৰ কেন্দ্ৰীয় তথা প্ৰশাসনিক সমিতিয়ে জৰুৰী সভা আয়োজনেৰে তৎকালীন ভাৱে সম্পাদকগৰাকীক অব্যাহতি প্ৰদান কৰিছে। সমিতিয়ে আন এক প্ৰস্তাৱ গ্ৰহণেৰে জয়ন্ত খাৰঘৰীয়াক সম্পাদকৰ দ্বায়িত্ব অৰ্পন কৰে।

এক প্ৰেছ বিবৃতি যোগে বুধবাৰে এই কথা সদৰী কৰে বোকাখাত নিৰ্মাণ গোটৰ কেন্দ্ৰীয় সমিতিয়ে।

উল্লেখযোগ্য যে শিশুগৃহৰ শিশু সকলক শাৰীৰিক আক্ৰমণৰ লগতে দিনজোৰা পৰিশ্ৰম কৰোৱা তথা শিশুগৃহলৈ দান কৰা সামগ্ৰী হৰলুকীৰ দৰে বহু অভিযোগ উত্থাপিত হৈ আহিছিল সদ্য অপসাৰিত সম্পাদক গৰাকীৰ বিৰুদ্ধে।

ইফালে কন কন অনাথ শিশুসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত অনুষ্ঠানটোৰ ভিতৰচ’ৰাত দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে বোকাখাত নিৰ্মাণ গোটৰ কেন্দ্ৰীয় সমিতিয়ে।

লগতে পঢ়ক – দৰং জিলাত গুণোৎসৱৰ দ্বিতীয় দিনা ৰাজহ মন্ত্ৰী যোগেন মহনে পৰিদৰ্শন কৰিলে ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply