বোকাখাত, উত্তম কুমাৰ শৰ্মা: প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন আৱন্টনৰ ক্ষেত্ৰত ৰাজ্যত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ পোহৰ মাৰ নৌযাওতেই ৰাজ্যত পুনৰ উন্মোচিত হৈছে আন এক দুৰ্নীতিৰ তথ্য।

লক্ষ্যণীয়ভাৱে, সভাই- সমিতিয়ে প্ৰায়েই নিকা প্ৰশাসনৰ শ্লোগান দিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন খোদ মিত্ৰজোঁট চৰকাৰৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত এইবাৰ আন এক দুৰ্নীতিৰ পাহাৰ গঢ়িবলৈ সাজু হৈছে বোকাখাতৰ পশুপালন বিভাগ৷

চৰকাৰী বিষয়া-কর্মচাৰীৰ গাফিলতি বা প্ৰত্যক্ষ সহযোগতে ভুৱা কৃষকে হাজাৰ হাজাৰ টকা চৰকাৰী সাহায্য আত্মসাৎ কৰাৰ পিছত এইবাৰ অনুৰূপ শৈলীৰেই খোদ পশুপালন মন্ত্ৰীৰ নাকৰ তলতেই গোপন বুজাবুজিৰে পশুপালন বিভাগ লুণ্ঠ্নত নমাৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি বোকাখাতৰ বিধায়ক তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ছ্ত্ৰছায়াতে এনে দূর্নীতি সংঘটিত হোৱাৰো অভিযোগ উঠিছে৷

জানিব পৰা মতে, বিগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতাৰ পথ মুকলিৰ অর্থে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’ৰ অধীনত হাঁহ-কুকুৰা, গৰু, ছাগলী আৰু গাহৰি আদি পালনৰ বাবে আর্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ সেই অনুসৰি, গ্ৰামাঞ্চলৰ প্ৰায় ৪৫০টা গোটে ছাগলি, গাহৰি, কুকুৰা আদি পালনৰ বাবে আবেদন পত্ৰ পুৰণ কৰিছিল যদিও আশ্বর্যজনকভাৱে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি চৰকাৰী বিভাগে স্বজনতোষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

একাংশ বঞ্চিত অভিযোগকাৰীয়ে কৰা অভিযোগ অনুসৰি, প্ৰকৃত হিতাধিকাৰীৰ নাম কর্তন কৰি ৬০ উর্দ্ধৰ চৰকাৰী পেঞ্চন প্ৰাপ্ত বেংক কৰ্মচাৰীৰ লগতে শিক্ষক তথা পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়েও ৰাজসাহায্যৰ তালিকাত স্থান পাইছে অথচ সকলো দেখি শুনিও নির্বিকাৰ ভূমিকা পালন কৰিছে চৰকাৰী বিভাগে৷

জানিব পৰা অনুসৰি, হিতাধিকাৰীৰ তালিকা প্ৰস্তুত সমিতিখনত বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পশুপালন বিভাগৰ মন্ত্ৰী, বোকাখাত মহকুমাৰ মহকুমাধিপতি, পশুপালন বিভাগৰ মহকুমা শীর্ষ বিষয়া আদিও আছে। আনহাতে, পশুপালন বিভাগৰ তৰফৰ পৰা এই গোটসমূহৰ সদস্যসকলৰ যোগ্যতা নিৰূপনৰ বাবে জৰীপ কৰোৱাও হৈছিল। তৎস্বত্বেও কি ৰহস্যজনক কাৰণত একাংশ যোগ্য নিবনুৱাক গোটৰ পৰা নাম কর্তন কৰি চৰকাৰী পেঞ্চনাৰ থকা আন একাংশক হিতাধিকাৰীৰ তালিকাত স্থান দিয়া হ’ল সেই লৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷

উল্লেখযোগ্য যে প্ৰায় ১০কোটি টকাৰ বাজেটেৰে বোকাখাত মহকুমাৰ ৪৫০ টা আত্মসহায়ক গোটক সামৰি প্ৰদান কৰিবলৈ লোৱা আঁচনিৰ ধন ইতিমধ্যে মোকলাই দিয়া হৈছে। ইতিমধ্যে হাঁহ-কুকুৰা পালনৰ বাবে আবেদন কৰা ১৫০গোটৰ ভিতৰত ৯৬টা গোটক প্ৰদান কৰা হৈছে ১লাখকৈ টকা। তেনেদৰে ছাগলী পালনৰ বাবে আবেদন কৰা ৪০টা গোটক আঢ়ৈ লাখকৈ প্ৰদান কৰাৰ লগতে গৰু পালনৰ বাবে বৰ্তমানে পঞ্চাশ হাজাৰকৈ প্ৰদান কৰাৰ উপৰিও গাহৰী পালনৰ বাবে ২৫০টা গোটৰ ৫৭টা গোটক এক লাখ পচ্ছিশ হাজাৰকৈ মুকলি কৰি দিয়া হৈছে। এই পৰ্যন্ত মহকুমাটোত ৭ কোটি টকা ব্যয় কৰা হৈছে উক্ত আঁচনিৰ নামত।

ৰাজ্যৰ লাখ লাখ নিবনুৱাক সকাহ দিবৰ বাবে ৰূপায়ন কৰিব খোজা মুখ্যমন্ত্ৰীৰ অভিলাসী আঁচনিৰ নামত পুনৰ কৃষি বিভাগৰ দৰেই বিয়াগোম দুর্নীতিৰ পাহাৰ গঢ়িবলৈ তৎপৰ হোৱা সংশ্লিষ্ট্ বিভাগৰ ক্ষেত্ৰত শেহতীয়াকৈ দুৰ্নীতি মুক্ত অসম গঢ়িব বিচৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব।

লগতে পঢ়ক – ফুটুকাৰ ফেনত পৰিণত অসম নাগালেণ্ডৰ বুজাবুজি চুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply