তিনিচুকীয়া : ধৰ্ষণৰ অভিযোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এজন চিকিৎসকক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধেমাজিৰ বাসিন্দা অভিযুক্ত ডাঃ সোনমণি ভুঞা নামৰ চিকিৎসক গৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাৰ্জিকেল ইউনিটৰ পঞ্জিয়ক।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাং মিশ্ৰই জনোৱা মতে এগৰাকী মহিলা চৰকাৰী চিকিৎসকে ডাঃ ভুঞাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ এক গোচৰ ৰুজু কৰে। চিকিৎসক গৰাকীৰ মতে ভুঞাই বিয়া কৰোৱাৰ প্ৰভোলন দি তেওঁৰ লগত এই কাৰ্য্য সংঘটিত কৰিছিল।
‘ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত চিকিৎসকজনক আজি জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ শিৱসাগৰৰ উক্ত ভুক্তভোগী চিকিৎসক গৰাকীৰ সৈতে ২০১৮ চনৰ পৰা সম্পৰ্কত আছিল কিন্তু পিছত বিয়া কৰাবলৈ অমান্তি হয়,’ মিশ্ৰই কয়।
লগতে পঢ়ক : পুনৰ বিতৰ্কত টুইটাৰ; জম্মু কাশ্মীৰ আৰু লাডাখক বনালে পৃথক দেশ!
ইপিনে আৰক্ষীৰ এক সূত্ৰ মতে কিছুদিন পূৰ্বে এজাহাৰ দাখিল কৰা মহিলা চিকিৎসক গৰাকীৰ বিৰুদ্ধে ডাঃ ভুঞাই নিৰ্যাতনৰ এক গোচৰ তৰিছিল যাৰ ভিত্তিত মহিলা চিকিৎসক গৰাকীলৈ চমন জাৰি কৰা হৈছিল।
‘তেওঁৰ নামত চমন জাৰি হোৱাৰ পিছতহে মহিলা চিকিৎসক গৰাকীয়ে ডাঃ ভুঞাৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ধৰ্ষণৰ এক গোচৰ ৰুজু কৰে,’ এক সূত্ৰই কয়।
ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৪০৬/৩৭৬/৩৮৪-ৰ অধীনত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত চলাই আছে।
উল্লেখযোগ্য যে যোৱা ২৪ জুনত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসকক কৰ্মস্থলীত মহিলা সহকৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।