গুৱাহাটী: ক’ভিড মহামাৰীৰ সময়ছোৱাত চাহিদা বৃদ্ধি পাইছে এৰ’ মিকা টি’ৰ কেইটামান বিশেষ চাহৰ। ভূত জলকীয়া চাহ লগতে চজিনা গছৰ পাতৰ চাহ, বাঁহ গছৰ চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে কভিড মহামাৰীৰ সময়ছোৱাত। ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টত গঢ় লৈ উটা এৰ’ মিকা টি’ৰ বিভিন্ন প্ৰকাৰৰ চাহ এতিয়া দখল কৰিছে বিশ্বৰ কেইবাখনো দেশৰ চাহৰ বজাৰ।
কিছু বছৰ পূৰ্বৰ ৰঞ্জিত বৰুৱা নামৰ অসমৰ এজন উদ্যোমীৰ প্ৰচেষ্টত গঢ়লৈ উটিছিল এৰ’ মিকা টি’ নামৰ বিভিন্ন প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা এক উদ্যোগ। প্ৰথম অৱস্থাত পাঁচ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা এৰ’ মিকা টি’ এতিয়া ৪২ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰে।
ভূত জলীয়াৰ চাহ, নীলা চাহৰ জৰিয়তে এৰ’ মিকা টি’ সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ উঠিছিল। লাহে লাহে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হ’বলৈ ধৰা এৰ’ মিকা টি’ ক’ভিড মহামাৰীৰ সময়ছোৱাত ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সন্মুখীন হৈছে ব্যাপক অসুবিধাৰ।
ক’ভিড মহানগৰীৰ অতিকৈ বেয়া সময়ছোৱাত কিন্তু এৰ’ মিকা টি’ৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰুৱাই বিছুমান বিশেষ চাহ প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হয়। ভূত জলকীয়া চাহ লগতে চজিনা গছৰ পাতৰ চাহ আৰু বাঁহ গছৰ চাহ প্ৰস্তুত কৰি চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।
বৰ্তমান এক বিশেষ ধৰণৰ চাহৰ পেকেট প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে এৰ’ মিকা টি’য়ে। দৃষ্টিহীন লোক সকলৰ বাবে ব্ৰেলি ভাষাত লিখা পেকেট প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈ পৰিছে এৰ’ মিকা টি’। অসমৰ চাহক আন্তঃৰাষ্ট্ৰীয় বজাৰত এক বিশেষ ধৰণে প্ৰতিষ্ঠা কৰাৰ লগতে এৰ’ মিকা টি’য়ে কৰ্মসংস্থাপন প্ৰদান কৰিছে বহু নিবনুৱাক।
লগতে পঢ়ক – ৪৭৫ বৰ্গফুটৰ ফ্লেটৰ লগত ২৯ বিঘা চিলিং উদ্ধৃত মাটিৰ তুলনা নহয়: ভূপেন বৰা