নিউজ ডেস্কঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলটো পৰিব য়াছৰ কিছু প্ৰভাৱ।

ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱৰ বাবে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ত তীব্র বৰষুণ অহাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

দুয়োখন ৰাজ্যক কমলা ক্ষেত্র হিচাপে চিনাক্তকৰণ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগে টুইটাৰযোগে কয় যে, “২৬ আৰু ২৭ মে’ত অসম-মেঘালয়, উৰিষ্যা আৰু পশ্চিমবংগত আৰু ২৮ মে’ত বিহাৰত য়াছৰ প্ৰভাৱত সাগৰীয় উপকূলত জোৱাৰ সৃষ্টি হোৱাৰ লগতে প্ৰৱল বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে।”

আৰু পঢ়কঃঅৰুণাচল প্ৰদেশৰ বিধায়কক ‍‘চাইনীজ’ আখ্যা; কি উপদেশ দিলে বডিউডৰ অভিনেতাই?

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় শ্ব’য়ে কয় যে, “তীব্ৰ ঘূৰ্ণীবতাহ য়াছে অসম বা উত্তৰ-পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা ক্ষীণ, অৱশ্যে, ৰাজ্যদুখনত ২৬ ৰ পৰা ২৭ মে’ পৰ্যন্ত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।”

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ঘূৰ্ণীবতাহ য়াছৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা চহৰসমূহত এনডিআৰএফৰ ৩৫ টা দল মোতায়ন কৰিছে।

তদুপৰি, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনায় যে পূব-মধ্য বংগোপসাগৰৰ ওপৰেৰে অহা ঘূৰ্ণীবতাহত অতি তীব্ৰতৰ ৰূপত পৰিণত হৈছে।
ইতিমধ্যে পূৱ ৰে’লৱেই আহি থকা ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি, ২৪ মে’ৰ পৰা ২৯ মে’ৰ পৰ্যন্ত ২৫ খন ৰে’ল বাতিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply