গুৱাহাটী : কেইবাখনো চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ অন্যতম সমস্যা হৈছে সীমা সমস্যা। অসম-মিজোৰামৰ লাইলাপুৰৰ দৰে ঘটনা অন্যান্য চুবুৰীয়া ৰাজ্যৰ লগতো যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰচেষ্টা চলাইছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম আৰু মেঘালয়ৰ সীমা সমস্যা সম্পৰ্কত মুখ্যমন্ত্ৰী পৰ্য্যায়ত এক বৈঠক অনুষ্ঠিত হয়।

মুখ্যমন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই। গুৰুত্বপূৰ্ণ বৈঠকখনত ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ইউ জি ব্ৰহ্ম, সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অংশগ্ৰহণ কৰে। মেঘালয়ৰো সাতগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ বৈঠকখনত।

দুয়োখন ৰাজ্যই যোৰাবাট, পিলিংকাটা আৰু লাংপিৰ লগতে আন কিছু ঠাইত থকা সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাপ্ত কৰাৰ পোষকতা কৰে। বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান এলেকাৰ সীমা সন্দর্ভত বিস্তৃত আলোচনা কৰা হয়৷

বিশেষকৈ আলোচনাটোত অসম-মেঘালয় সীমান্তৰ ১২ টা অঞ্চলত সীমা বিবাদৰ বিষয়টোক লৈ বিষদভাৱে আলোচনা কৰা হয়। মন কৰিবলগীয়া যে দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বন্ধুত্ব শক্তিশালী কৰাৰ স্বাৰ্থত ২৩ জুলাইত শ্বিলঙত অসম আৰু মেঘালয়ৰ মাজত প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈছিল।

লগতে পঢ়ক : হামৰেণত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰুদ্ধদ্বাৰ বৈঠক

উল্লেখ্য যে শেহতীয়াকৈ অসম–মেঘালয় সীমান্তৰ কেইবাটাও অঞ্চলত বিজুলী যোগানক কেন্দ্র কৰি দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হৈছিল সংঘাত৷ এই বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান আৰু শীর্ষ প্রশাসনিক বিষয়াসকলো উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply