ছয়গাঁও: ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অৱসৰকালীন সাহাৰ্য প্ৰদান কৰা, অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ দাবীত অজি ছয়গাঁৱৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ছয়গাঁও চি ডি পি অ’ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অন্তৰ্গত ছয়গাঁও প্ৰকল্প কমিটিৰ নেতৃত্বত ধৰ্ণাত অংশগ্ৰহণ কৰা কৰ্মী, সহায়িকাসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত ‘‘মাননীৰ সলনি মজুৰি দিয়ক, মজুৰি ২১হাজাৰ টকা ধাৰ্য কৰক, কৰ্মী সহায়িকাৰ অতিৰিক্ত কামৰ বোজা কমাই দিয়ক, অৱসৰৰ বয়সৰ সীমা ৬৫ বছৰলৈ বৃদ্ধি কৰক, অৱসৰকালীন সাহাৰ্য্য প্ৰদান কৰক’’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ধৰ্ণাৰ অন্তত তেওঁলোকে ছয়গাঁও চি ডি পি অ’ কাৰ্যালয়ৰ জৰিয়তে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰত উল্লেখ কৰা মতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ দিৰ্ঘদিনীয়া আন্দোলনৰ ফলত অৱসৰৰ সময়ত অংগনবাড়ী কৰ্মীসকলক ৪লাখ, মিনি কৰ্মী সকলক ৩লাখ আৰু সহায়িকা সকলক ২ লাখ টকাকৈ প্ৰদান কৰাৰ বাবে ২০২১ চনৰ ১৪ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ঘোষণা কৰা এককালীন সাহাৰ্য্য অবিহনে একাংশ প্ৰকল্প বিষয়াই ৬০ বছৰ অতিক্ৰম কৰা কৰ্মীক একাংশ প্ৰকল্প বিষয়াই অৱসৰ দিয়া আৰম্ভ কৰিছে।

সেয়ে অৱসৰ পোৱা কৰ্মী, সহায়িকাসকলক অৱসৰকালীন সাহাৰ্য্য আৰু গ্ৰেছুইটি প্ৰদান কৰাৰ লগতে অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ বাবে সভানেত্ৰী ললিতা কলিতা আৰু সম্পাদিকা মিনতি কলিতাই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ যোগে চৰকাৰক অনুৰোধ জনায়।

লগতে পঢ়ক – জীয়া ভৰলী নদীৰ দলঙত বৃহৎ বৃহৎ গাঁত: যিকোনো সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply