গুৱাহাটী: মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ সিদ্ধান্ত বাহাৰ ৰখাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে অঞ্জলী দৈমাৰীয়ে ন্যায়ালয়ৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি ইয়াৰ আঁৰত এক ৰাজনৈতিক অভিসন্ধি সোমাই আছে বুলি মন্তব্য কৰে। ‘’ ৰঞ্জন দৈমাৰীক মুকলি কৰি দিলে ৰাজনৈতিক স্বাৰ্থত ব্যাঘাত হ’ব, সেইকাৰণে ৰেহাই নিদিয়াৰ এয়া এক ৰাজনৈতিক অভিসন্ধি,’’ তেওঁ কয়।
অধিবক্তা মানস শৰণীয়াই ৰঞ্জন দৈমাৰীয়ে বোমা দিয়াৰ কোনো সাক্ষ্য প্ৰমান নাই বুলি ন্যায়ালয়ত কোৱাৰ পিছত তেওঁক বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে ৰেহাই দিয়াটো উচিত আছিল বুলি অঞ্জলী দৈমাৰীয়ে মন্তব্য কৰে।
আনহাতে বিষয়টোক লৈ বি টি আৰ চুক্তিৰ অন্যান্য স্বাক্ষৰকাৰীসকলৰ ভূমিকাক লৈও অঞ্জলী দৈমাৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। চুক্তি স্বাক্ষৰকাৰীসকলে যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেয়া লোৱা দেখা নগ’ল বুলি মন্তব্য কৰি ‘স্বাক্ষৰকাৰীক ৰেহাই নিদিয়া চুক্তিখন কিদৰে শান্তিৰ চুক্তি হ’ব পাৰে বুলিও তেওঁ প্ৰশ্ন কৰে।
তদুপৰি যদিহে ৰঞ্জন দৈমাৰী আইনবিৰোধী আছিল তেন্তে কিয় তেওঁক জেলৰ পৰা উলিয়াই বি টি আৰ চুক্তিত স্বাক্ষৰ কৰোৱা হৈছিল বুলিও দৈমাৰীয়ে প্ৰশ্ন কৰে।
আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাক্তন এন ডি এফ বিয়ে আজি ২৪ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰে। তেওঁলোকৰ এই অসম বন্ধৰ প্ৰতি কেইবাটাও বড়ো সংগঠনে সমৰ্থন আগবঢ়াইছে।
লগতে পঢ়ক – ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ পি এফ আই, ৮ সহযোগী সংগঠন