ধেমাজি, অংকুৰ নৰহ: অনুসূচিত জাতিৰ জাতিগত প্ৰমানপত্ৰ জালিয়াতি কৰি চাকৰি লাভ কৰা অনা-অনুসূচিত জাতিৰ চাকৰিয়ালসকলৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ দাবীত ধেমাজিত আজি অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
আজি ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড়ৰৰ জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকা, অধ্যাপক অৰূপ দাস আৰু কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত পবিত্ৰ দাসক অনুসূচিত জাতিৰ জাতিগত প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগত গোচৰ কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী তোলে।
বহু অনা-অনুসূচিত জাতিৰ লোকে জালিয়াতি কৰি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই অনুসূচিত জাতিৰ সংৰক্ষণৰ সুবিধা ভোগ কৰি আহিছে বুলি অভিযোগ কৰি সংগঠনটোৰ এজন নেতাই কয়, “এইক্ষেত্ৰত আমি তিনিজন ব্যক্তিক সকিয়াই দিব বিচাৰিছো – ডিব্ৰুগড় জিলাৰ DTO সঞ্জীৱ হাজৰিকা, লখিমপুৰ মহাবিদ্যালৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা অৰূপ দাস আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কাৰ্যবাহী অভিযন্তা পবিত্ৰ দাস।”
এওঁলোকৰ এজনো অনুসূচিত জনজাতি সম্প্ৰদায়ৰ নহয় বুলি অভিযোগ কৰি তেওঁ আৰু কয়, “ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁক প্ৰমাণপত্ৰ জাল কৰাৰ অপৰাধাত গ্ৰেপ্তাৰ কৰা হোৱা নাই। ধেমাজি জিলা উপায়ুক্তই তেওঁৰ বিৰুদ্ধে জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ এটা গোচৰ ৰুজু কৰি কঠোৰ শাস্তি বিহিব লাগে আৰু তেওঁৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰখন নাকচ কৰিব লাগে। একেদৰে আন অভিযুক্ত দুজনৰ বিৰুদ্ধেও গোচৰ কৰাৰ লগতে তেওঁলোকৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ নাকচ কৰিব লাগে।”
প্ৰতিবাদকাৰীসকলে ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকালৈ স্মাৰকপত্ৰ প্ৰদান কৰে।
লগতে পঢ়ক – মাদ্ৰাছাৰ ক্ষেত্ৰত নতুন SOP