মঙলদৈ, প্ৰবীণ বৰুৱা: দৰং জিলাৰ অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় দীৰ্ঘদিন ধৰি বন্ধ আছিল। মঙলবাৰে মঙলদৈ চক্ৰ বিষয়াৰ উপস্থিতিত পিংকুমনি দাসৰ নেতৃত্বত তলা ভাঙি কাৰ্যালয়টো খুলিবলৈ সক্ষম হয়।
পিংকুমনি দাসৰ নেতৃত্বত থকা সমিতিখনক প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক গকুল বৰুৱাই কাৰ্য্যালয় চাবি চমজাই নিদিয়াৰ বাবে সভাপতি পিংকুমনি দাসৰ বাসগৃহতে কাম কাজ চলাই যদিও অনুসূচিত জাতিৰ লোকসকলৰ বহুত অসুবিধাৰ সন্মুখীন হৈছিল। আজি দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত দৰং জিলা অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়টোৰ তলা খুলি সভাপতি পিংকুমনি দাস নেতৃত্বত থকা সমিতিখনক কাৰ্যালয়টো প্ৰশাসনে চমজাই দিয়ে।
দীৰ্ঘদিন কাৰ্যালয়টো বন্ধ হৈ থকাত অনুসূচিত জাতিৰ লোকসকল বহুত অসুবিধাৰ সন্মুখীন হৈছিল। সভাপতি পিংকুমনি দাসে কাৰ্যালয়ত প্ৰৱেশ কৰি এতিয়াৰ পৰা অনূসুচিত জাতিৰ লোকসকলে পোনপটীয়াকৈ কাৰ্যালয়ত আহি তেওঁলোকৰ কামবোৰ কৰিবলৈ আহ্বান জনায় লগতে গকুল বৰুৱাক ৰাইজৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়।