মঙলদৈ: দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি মঙলদৈত আজি কংগ্ৰেছ দলে ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ কাৰ্যসূচী আয়োজন কৰে।  

এই উউলক্ষে মঙলদৈৰ খাটনিয়াপাৰা পঞ্চায়তৰ খেলপথাৰৰ পৰা টাংনি চাৰিআলিলৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়।

উক্ত শোভাযাত্ৰাৰ পূৰ্বে খাটনিয়াপাৰা পঞ্চায়তৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ ভূমিকাৰ বিষয়ে বক্তব্য ৰাখে।

ইয়াৰ উপৰি নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰক তীব্ৰ কাটাক্ষ কৰে। এতিয়া দেশ শাসন কৰাৰ নামত বিভেদৰ বীজ সিঁচা বুলি চৰকাৰক দোষাৰোপ কৰে তেওঁ।

আজিৰ এই ‘গৌৰৱময় যাত্ৰাত’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মিৰা বৰঠাকুৰ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসকে ধৰি প্ৰায় তিনি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে।

লগতে পঢ়ক – য়েছে দৰজে ঠংচিৰ সমৰ্থনত দুই যুৱকৰ অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্রা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply