গুৱাহাটী: সোমবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই ভূপেন বৰাৰ পত্নীৰ নামত গুৱাহাটীত হাউছিঙৰ ফ্লেট থকা বুলি সংবাদমেল যোগে অভিযোগ কৰাৰ পিছতে বিষয়টোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে স্পষ্ট কৰিছে নিজৰ স্থিতি।
আজি সংবাদ মাধ্যমৰ আগত বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই তেওঁৰ পত্নীৰ নামত ফ্লেট থকাৰ কথা স্বীকাৰ কৰি ইয়াৰ বাবে সন্মুখীন হ’বলগীয়া আইগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু আছে বুলি কয়।
তেওঁ কয়, ‘আমাৰ ভুল লুকুৱাবলৈ আমি চেষ্টা নকৰো, যিটো ভুল বুলি চৰকাৰে কৈছে সেইটো ভুল বুলি আমি মানি লৈছো। আৰু সেই ভুলৰ বাবে যদি মোৰ পৰিবাৰৰ ওপৰত কিবা আইনগত ব্যৱস্থা লয় বা জৰিমনা বা ক্ষমা বিচাৰি পত্ৰ দিব লাগে তাৰ বাবে আমি ৰাজী আছো।’
কিন্তু তেওঁৰ পত্নীৰ নামত থকা উক্ত ফ্লেটৰ সৈতে মুখ্য মন্ত্ৰীৰ পৰিবাৰৰ বিৰুদ্ধে উঠা ২৯ বিঘাৰ চিলিং উদ্ধৃত মাটিৰ কোনো তুলনা নহয় বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘৪৭৫ বৰ্গফুটৰ ফ্লেটৰ লগত ২৯ বিঘাৰ চিলিং উদ্ধৃত মাটিৰ তুলনা নকৰিব। চৰকাৰে যদি ভাবিছে ৪৭৫ বৰ্গফুটৰ ফ্লেটৰ কথা জোকাৰি দিলে ২৯ বিঘাৰ চিলিং উদ্ধৃত মাটিৰ কথাত ভূপেন বৰা পিছোৱাই যাব তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।’
১০ মাৰ্চৰ পিছত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ বিৰুদ্ধে থকা ২৯ বিঘাৰ চিলিং উদ্ধৃত মাটিৰ বিষয়টোক লৈ কংগ্ৰেছে নতুন দিল্লীত সপ্তাহযোৰা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি বৰাই কয়।
আনহাতে তেওঁৰ পত্নীৰ নামত থকা ফ্লেটটোত তেওঁলোকৰ পৰিয়ালৰ কোনো লোক নাথাকে বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে তাত ৰবীন শইকীয়া নামৰ তেওঁলোকৰ গাঁৱৰ এজন নিবনুৱা যুৱকহে থাকে।
যিহেতু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ২৩ লাখ নিবনুৱাক তেওঁৰ ভাগিন বুলি কয় গতিকে ফ্লেটটোত থকা ৰবীন শইকীয়াও মুখ্য মন্ত্ৰীৰ এজন নিবনুৱা ভাগিনহে। গতিকে চৰকাৰী নিয়ম মতে ফ্লেটটোত ৰবীন শইকীয়া থাকিব পাৰে বুলি মন্তব্য বৰাই কয় যে তেওঁৰ পত্নীয়ে দুবাৰ সংশ্লিষ্ট বিভাগক ফ্লেটটো গতাই দিছিল বুলি সদৰী কৰে।
ফ্লেটটো ঘূৰাই দিয়াৰ যিটো দৃষ্টান্ত তাক অনুসৰণ কৰি মুখ্য মন্ত্ৰীৰ পত্নীয়ে ২৯ বিঘাৰ মাটি ঘূৰাই দিব লাগে বুলি ভূপেন বৰাই কয়।
লগতে পঢ়ক – গৰুখুটি ঘটনাঃ প্ৰথম পৰ্যায়ৰ ৰাজহুৱা অভিযোগ গ্ৰহণৰ অন্তিম দিন