গুৱাহাটী: মাত্ৰ কিছুদিন পূৰ্বে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসনত বহা ভাৰত ভূষণ দেৱ চৌধুৰীলৈ তদন্ত আয়োগৰ জাননী। ২০১৪ চনত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ গোচৰত চৌধুৰীক জাৰি কৰা হৈছে এই জাননী।
প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত আয়োগে ভাৰত ভূষণ দেৱ চৌধুৰীলৈ এই জাননী জাৰি কৰে।
উল্লেখযোগ্য যে যোৱা ১৮ আগষ্টত অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ভাৰত ভূষণ চৌধুৰী ২০১৪ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল।
উক্ত বছৰতে আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত লোকসেৱা আয়োগত ব্যাপক নিযুক্তি কেলেংকাৰী সংঘটিত হোৱা অভিযোগ উঠিছিল৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ভাৰত ভূষণ দেৱ চৌধুৰীক জাননীৰ উত্তৰ দিবলৈ ১৫ দিনৰ সময়সীয়া দিয়া হৈছে।
লগতে পঢ়ক – ষ্টাৰ্ট-আপৰ দ্ৰুত অগ্ৰগতি ৰাজ্যৰ নৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা: মুখ্য মন্ত্ৰী