কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ নগাবালিত আজি এখন বিদ্যালয়ৰ ওপৰত পাঠদান চলি থকা অৱস্থাত প্ৰকাণ্ড গছ পৰি কেইবা গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়।
ঘটনা অনুসৰি আজি দিনৰ প্ৰায় ১১ বজাত নগাবালি প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত এজোপা প্ৰকাণ্ড গছ ভাঙি পৰাত বিদ্যালয়খনৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে নগাবালি প্ৰাথমিক বিদ্যালয়ৰ কাষৰে ৰাজু চেত্ৰী নামৰ লোকজনে কৰতিয়াল লগাই নিজৰ বাৰীত গছ কাটি থকা অৱস্থাত গছ জোপা বিদ্যালয়খনৰ গৃহত পৰি যায়।
দুৰ্ঘটনাৰ পিছতে আহত অংকুৰ দাস, বিদুৰ দাস, ডিম্পল গগৈ, বিকাশ বৰা, ৰাকেশ দাস, জ্যোতিস্মা দাস, মায়া দাস, বিদিশা দাস, মানসজ্যোতি দাস, নমিতা গগৈ, তৃষ্ণা দাসক তাৎক্ষণিকভাৱে ১০৮ এম্বুলেন্সৰ লগতে এখন ব্যক্তিগত গাড়ীৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
ইয়াৰে অংকৰ দাসক সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।
আন আহতসকলক বোকাখাতৰ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী আৰু বনবিভাগৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক –