নিউজ ডেস্ক: তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামা ওৰফে অপু অসম আলফা স্বাধীনৰ সদস্য নহয় বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আলফা (স্বাঃ)-এ এই কথা সদৰী কৰে।
সন্তোষ লামা আলফাৰ উদ্দেশ্য নাছিল বুলি উল্লেখ কৰি বিজ্ঞপ্তিটোত আলফা স্বাধীনে কয়, ‘’সন্তোষ লামাই একমাত্ৰ ধনৰ তাগিদাত ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে সংগঠনত যোগদানৰ বাবে অহাৰ কথা প্ৰাৰম্ভিক অৱস্থাতে দ্বিধাহীনভাৱে নিজ মুখে স্বীকাৰ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত সদস্য পদ দিয়া হোৱা নাছিল।’’
উল্লেখযোগ্য যে মঙলবাৰে আৱেলি তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে যুটীয়া অভিযান চলাই জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বিড়ি বস্তিত সন্তোষ লামা ওৰফে অপু অসমক গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে আৰক্ষীৰ আগত ধৃত সন্তোষ লামাই ‘কা’ আন্দোলনৰ সময়ত সন্ধানহীন হোৱা আৰু পিছত আলফাত যোগদান কৰা বিজু গগৈ নামৰ প্ৰাক্তন আছু নেতাজনৰ গুলীবিদ্ধ মৃতদেহ প্ৰত্যক্ষ কৰিছিল বুলি স্বীকাৰোক্তি দিছিল।
আনহাতে, আলফা স্বাধীনে তেওঁলোকৰ বিবৃতিত বিজু গগৈক হত্যা কৰাৰ কথা অস্বীকাৰ কৰি গগৈয়ে আত্মহত্যা কৰিছিল বুলি দাবী কৰে। সংগঠনটোৱে প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত বিজু গগৈয়ে নিজৰ শুৱা কোঠাত খৰা MQRA বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে বুলি কয়।

নেতাজনে আত্মহত্যাৰ আগমূহুৰ্তত নিজ হাতেৰে লিখা ‘আত্মহত্যাৰ টোকা’ আলফা স্বাধীনে প্ৰেছ বিবৃতিৰ সৈতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – বোকাখাতৰ শিশুগৃহৰ সম্পাদকৰ বিৰুদ্ধে শিশু সুৰক্ষা আইন ভংগৰ অভিযোগ