নলবাৰী: প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন। আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাচনিও ঢোলৰ চেওত নাচিবলৈ সাজু৷নলবাৰীত জাপি শিল্পী ও ব্যস্ত হৈ পৰিছে জাপি প্ৰস্তুত কৰাত।
উল্লেখযোগ্য যে জাপিক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ৰঙালী বিহুৰ সময়ত বিশেষ সমাদৰ পায় নলবাৰীৰ ফুলাম জাপি আৰু এই সমাদৃত ফুলাম জাপি তৈয়াৰ কৰাত ব্যস্ত নলবাৰীৰ কেইবাখনো গাওঁ।
বিহু মঞ্চ শুৱনি কৰাৰ লগতে সম্বধৰ্ণা জনোৱাৰ বাবে ব্যৱহাৰ হয় এইসমূহ ফুলাম জাপি।
জিলাখনৰ তিলানা, মুগকুচি, জাপাৰকুছি, দিঘেলী ,সুতাৰকুচি গাঁৱত সৰ্বাধিক জাপি তৈয়াৰ কৰা হয়৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত এই পাঁচখন গাঁৱৰ পুৰুষ-মহিলাই দিনে-নিশাই ফুলাম জাপি বনোৱাত ব্যস্ত হৈ পৰে। ৰঙালী বিহুৰ প্ৰাকমূহূৰ্তত এই পাঁচখনকৈ গাঁৱৰ প্ৰায় ১৫০ টা পৰিয়ালে তৈয়াৰ কৰিছে হাজাৰ হাজাৰ ফুলাম জাপি৷
এই জাপিসমূহ নলবাৰী লগতে গুৱাহাটীৰ উপৰি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয়। উল্লেখ্য যে, অসমীয়া জাতীয় জীৱনত জাপিৰ সুকীয়া বৈশিষ্ট্য আছে। নলবাৰীৰ এই গাঁও কেইখনৰ লোকসকলে কেইবা দশক ধৰি বংশানুক্ৰমে জাপি বনোৱা শিল্পৰ লগত জড়িত হৈ আছে।
বাঁহ, টকৌপাত, সুতা, কাপোৰ, চুমকি আদিৰে বিভিন্ন ডিজাইনৰ ফুলাম জাপিৰ লগতে কৃষকৰ বাবে হালোৱা জাপিও তৈয়াৰ কৰে নলবাৰীৰ এই শিল্পীসকলে। যুগ যুগ ধৰি অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য জাপিশিল্পৰ লগত জড়িত হৈ থকাৰ পিছটো এই শিল্পীসকল বঞ্চিত হৈ আছে ৰজাঘৰীয়া কৃপাদৃষ্টিৰ পৰা।
আনহাতে দুটা বছৰ ক’ভিদৰ বাবে বন্ধ আছিল জাপি শিল্পৰ কাম। শেহতীয়াকৈ ক’ভিদ শাম কটাত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে শিল্পীসকলৰ। আনহাতে এইবাৰ যথেষ্ট কাম বৃদ্ধি পাইছে। তথাপিও ৰজাঘৰীয়াই এই শিল্পীক আজিও বঞ্চিত কৰি ৰাখিছে। অসমীয়াৰ জাতিয় জীৱনৰ ঐতিহ্যৰ লগত জড়িত এইসকল শিল্পীৰ ওপৰত চৰকাৰৰ কৃপাদৃষ্টি পৰিবনে নে নাইকিয়া হৈ যাব এই জাপি শিল্প!
লগতে পঢ়ক – কৰিমগঞ্জত মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত দম্পতীক গ্ৰেপ্তাৰ