অসম-অৰুণাচল প্ৰদেশৰ মাজত পথ নিৰ্মানক লৈ সীমা সমস্যা ধেমাজি জিলাত নতুন মোৰ লৈছে। অৰুণাচল চৰকাৰে অসমৰ ধেমাজি জিলাৰ মাজেদি বে-আইনীভাৱে পকী পথ নিৰ্মাণকে ধৰি বিস্তৃত কৃষি ভূমি দখল কৰাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ বনভূমি দখল কৰি আহিছে ৷

অৰুণাচলীৰ দিনক দিনে চলি থকা আগ্ৰাসনক লৈ ধেমাজীৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাঙত দীৰ্ঘদিন ধৰি সীমান্তৰ অসমৰ বাসিন্দা আৰু অৰুণাচল প্ৰদেশৰ বাসিন্দাৰ মাজত মুকলি সংঘাত সৃষ্টি হৈছে ৷ ধেমাজি জিলাৰ গেৰুকামুখৰ পৰা অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সদৰ লিকাবালিলৈকে অৰুণাচল প্ৰদেশ চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ পকী পথ বৰ্তমান নিৰ্মাণ কৰি আছে । উক্ত পথটো অসমৰ সীমাৰ ২৭ কিমি ভিতৰত।

গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাঙত স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদৰ বাবে প্ৰায় ৫ কিলোমিটাৰ অংশত অৰুণাচল প্ৰদেশ চৰকাৰে পথ নিৰ্মাণত বাধাৰ সন্মুখীন হৈ আহিছে ৷ ইয়াকে কেন্দ্ৰ কৰি সীমান্তৰ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত ধাৰাবাহিকভাৱে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। শীঘ্ৰেই সমাধানৰ ৰাস্তা উলিয়াই জিলা প্ৰশাসনে ডাঙৰ ঘটনা পৰা ৰোধ কৰাত গুৰুত্ব দিবলৈ ৰাইজে দাবী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply