জামুগুৰিহাটঃ এটা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি জামুগুৰিহাটৰ অসম-অৰুণাচল সীমান্তৰ চিজুছা আৰু ইটাখোলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। জানিব পৰা মতে ৩ ছেপ্টেম্বৰত বিশ্বনাথ জিলাৰ ইটাখোলাত অৰুণাচলৰ চিজুছাৰ এজন পুলিচ কনিষ্টবলক প্ৰহাৰক লৈ চিজুছা আৰু ইটাখোলাত তীব্ৰ উত্তেজনা।
ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলাৰ ন-নম্বৰৰ সমীপত চিজুছাৰ পৰা ইটাখোলালৈ নিচি নবীন নামৰ পুলিচ কনিষ্টবল এজনক ইটাখোলাৰ গাড়ী মেকানিক মনোজ বৰুৱাই পথত ৰখাই প্ৰথমতে বাক বিতণ্ডাত লিপ্ত হয় । পিছত মনোজ বৰুৱাই নবীনক লাঠিৰে পিঠিত আৰু হাতত প্ৰহাৰ কৰে ।
এই খবৰ ইটাখোলাৰ আৰক্ষীয়ে লাভ কৰাৰ পিছত দুয়োকে থানালৈ লৈ যায় আৰু প্ৰহৃত নবীনক চিকিৎসা প্ৰদান কৰে।
ইটাখোলাৰ আৰক্ষীয়ে জানিব দিয়া মতে, এক সপ্তাহ পূৰ্বে মনোজক পুলিচ কনিষ্টবল নবীনে চিজুছা গেটত মাৰপিট কৰিছিল যাৰ প্ৰতিশোধ হিচাপে মনোজে যোৱা তিনি ছেপ্টেম্বৰত মটৰ চাইকেলেৰে আহোতে নবীনক প্ৰহাৰ কৰে ।
পিছলৈ আৰক্ষী চকীতে দুয়ো মনোজ আৰু নবীনে আপোচ মীমাংসা কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে ।
উল্লেখ্য যে মনোজে প্ৰায়েই চিজুছাত গাড়ী ঠিক কৰিবলৈ গৈ থাকে । এক সপ্তাহ পূৰ্বে তেওঁ চিজুছাৰ এখন গাঁৱৰ গাওঁবুঢ়া টাকুম নাবামৰ গাড়ী ঠিক কৰিবলৈ গৈছিল আৰু চিজুছা গেটত তেওঁক কনিষ্টবল নবীনে তেওঁৰ ড্ৰাইভিং লাইচেন্স চাব বিচাৰে । পিছে তেওঁৰ লগত ড্ৰাইভিং লাইচেন্স খন নথকাত মোবাইলত থকা লাইচেন্সৰ ফটো কপি দেখুৱাই যদিও কনিষ্টবল নবীনে মানি নলয়। ইফালে প্ৰায়েই চিজুছালৈ অহা যোৱা কৰা মনোজৰ অভিযোগমতে তেওঁলোকে যিমান জন চিজুছালৈ যায় প্ৰতিবাৰে প্ৰতিজনে এশ টকাকৈ এন্ট্ৰি ফি হিচাপে গেটত দিব লাগে সেয়েহে সেই দিনাও মনোজে সুৰামত্ত কনিষ্টবল জনক এশ টকা দিবলৈ যাওঁতে তেওঁক মাৰধৰ কৰি গেটৰ বাহিৰ কৰি দিয়ে । যাৰফলত মনোজে তিনি ছেপ্টেম্বৰত নবীন ইটাখোলালৈ আহোতে সেইদিনাৰ ঘটনাৰ কাৰণ সোধপোচ কৰি থকাৰ সময়তে নবীনে মনোজলৈ চোচা লওতেই তেওঁ লাঠিৰে প্ৰহাৰ কৰে ।
লগতে পঢ়কঃআলফা স্বাধীনৰ কাৰ্যকৰী পৰিষদ সলনি তিনিতৰপীয়া কাৰ্যকৰী পৰিষদ গঠন
আনহাতে নবীনে মনোজৰ সকলো অভিযোগ নস্যাৎ কৰি কয় যে সেই দিনা মনোজে তেওঁ গেটত কৰ্তব্য অৱস্থাত থকা সময়ত ইনাৰ লাইন পাছ নোহোৱাকৈ প্ৰৱেশ কৰিব খোজোতে তেওঁ বাধা প্ৰদান কৰে । যাৰফলত মনোজে তেওঁক প্ৰহাৰ কৰে ।
দুয়ো পক্ষৰ মাজত ইটাখোলা আৰক্ষী চকীত আপোচ মীমাংসা হয় যদিও মনোজে চিকিৎসাৰ খৰছ নিদিয়াৰ বাবে আজি নবীনে ইটাখোলা আৰক্ষী চকীত উপস্থিত হৈ মনোজৰ ওপৰত এখন এজাহাৰ দাখিল কৰে ।
এই এজাহাৰৰ ভিত্তিত ইটাখোলা আৰক্ষীয়ে 133/21 নম্বৰৰ এক গোছৰ পঞ্জীয়ন কৰি মনোজক কৰায়ত্ব কৰে ।
এই ঘটনাকলৈ দুয়োখন ঠাই ক্ৰমে চিজুছা আৰু ইটাখোলাৰ সচেতন লোকে মনোজ আৰু কনিষ্টবল নবীনৰ কাৰ্য্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ।