YouTube Poster

জামুগুৰিহাটঃ চৰকাৰে মনোযোগ আকৰ্ষণ কৰিলে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব অসম অৰুণাচল সীমান্তবৰ্ত্তী এলেকাস্থিত মাটি পাহাৰ ৷

নদুৱাৰৰ অন্তৰ্গত উত্তৰ নাগশংকৰ পঞ্চায়তৰ অধীনৰ মনাই-জয়সিদ্ধিৰ নিকটৱৰ্ত্তী এই মাটিৰ পাহাৰৰ ওপৰত গৱেষণা কৰিলে বহু ঐতিহ্যৰ সমল উদ্ধাৰ হব বুলি ঠাৱৰ কৰিব পাৰি ৷

জনশ্ৰুতি অনুযায়ী ৰজা আৰিমত্তই সৈন্য বাহিনীক ৰাখিবৰ বাৱে এই পাহাৰ নিৰ্মাণ কৰিছিল ৷ এই পাহাৰৰ নাম কেনেকৈ কিয় মাটি পাহাৰ হ’ল সেই কথা জনা নাযায় যদিও মাটিৰে পাহাৰ তৈয়াৰ কৰা বাবেই মাটিৰ পাহাৰ বুলি জনশ্ৰুতি চলি আহিছে ৷

ইয়াৰোপৰি পাহাৰটোৰ চাৰিও দিশে অস্ত্ৰ-সস্ত্ৰ গোটাই ৰাখিবলৈ নিৰ্মান কৰিছিল চাৰিটাকৈ পুখুৰী ৷ যি আজিও বিৰাজমান ৷ এই পাহাৰটোৰ কাষতে সুদুৰ অৰুণাচলৰ পৰা বিশ্বনাথলৈকে এটা গড়ো ৰজাই নিৰ্মাণ কৰা বিষয়ে তথ্য পোৱা গৈছে ৷

লগতে পঢ়কঃজটিল ৰোগত আক্রান্ত কামপুৰৰ এটা দেৱশিশু! মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান মাতৃৰ

যিটো গড়ৰ নাম ৰাজগড় বুলি পৰিচিত ৷ সম্প্ৰতি গড়টো লুপ্ত যদিও ঠায়ে ঠায়ে বিৰাজমান ৷ ইতিহাস জড়িত এই পাহাৰটো জহি খহি যোৱাৰ উপক্ৰম ঘটিছে ৷

স্থানীয় ৰাইজে পাহাৰটো সম্পূৰ্ণৰূপে সজাই পৰাই পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ দাবী জনাইছে ৷

তেজপুৰৰ অগ্নিগড়, ঔগুৰি পাহাৰৰ লেখিয়াকৈ পুৰাতত্ব বিভাগে পাহাৰটো সংৰক্ষণ কৰি পৰ্যকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলে চৰকাৰে যথেষ্ঠ ৰাজহ লাভৰ সম্ভৱনা আছে বুলিও মন্তব্য কৰে স্থানীয় সচেতন মহলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply