অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা অভিজিৎ ভূঞা ঃ আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলৰ বৈঠকৰ পাছতে আগ্ৰাসী হৈ উঠিছে অৰুণাচলী। অসমৰ প্ৰশাসনিক বিষয়া অবিহনে জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ।
চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত উত্তেজিত হৈ উঠিছে স্থানীয় ৰাইজ। জৰীপ আৰম্ভ কৰা বিষয়ে সীমান্তৰ ৰাইজে জানিব পাৰি শিৱসাগৰ বন বিষয়াক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈছেহি বিষয়াগৰাকী। ইফালে অৰুণাচল প্ৰদেশ চৰকাৰে কৌশলেৰে বনাঞ্চল বেদখলৰ জৰিয়তে অসমৰ মাটি হস্তগত কৰাৰ কৌশল আৰম্ভ কৰা বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, বিগত ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ত অসমৰ মন্ত্ৰী বিমল বড়া, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশ প্ৰশাসনৰ উপস্থিতিত বৈঠক অনুষ্ঠিত কৰাৰ লগতে বিবদমান এলেকা পৰিদৰ্শন কৰে যৌথভাবে। ইফালে উক্ত সময়ছোৱাত অসম চৰকাৰে যিমান সুবিধা দিলেও অৰুণাচলী লোকসকল অসমৰ লগত নাথাকো বুলি স্পষ্টকৈ কোৱাৰ পাছত এতিয়া দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ বন বিভাগে জৰীপ চলাই গছ কটা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইফালে অৰুণাচল প্ৰদেশৰ বন বিভাগে জৰীপ আৰম্ভ কৰাৰ খবৰ পোহৰলৈ অহাৰ পাছতেই তাৎক্ষণিকভাৱে দিল্লী সংৰক্ষিত বনাঞ্চলৰ হালোৱা খণ্ডত উপস্থিত হৈ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। আনহাতে সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ বৈঠক আৰম্ভ হোৱাৰ পাছতেই এনেদৰে আগ্ৰাসন কৰিব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply