নিউজ ডেস্ক: বিগত সময়ছোৱাত অসম–অৰুণাচল দুয়োখন ৰাজ্যতে সীমা বিবাদকলৈ বিভিন্ন সমস্যা উদ্ভৱ হৈ আছিল। ইপিনে দুয়োখন ৰাজ্যৰ কবিনেটক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী দুমাহ পূৰ্বেই উপস্থিত হৈছিল।
বিবদমান সীমাক লৈ অচিৰেই দুয়োখন ৰাজ্যই এখন চুক্তিত স্বাক্ষৰ কৰিব৷ এই সমস্যা সমাধানৰ বাবেই গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
ইতিমধ্যে দুয়োখন ৰাজ্যই পৃথকে পৃথকে গঠন কৰি দিয়া আঞ্চলিক কমিটীসমূহে নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰিছে৷ বৈঠকত সমস্যাসমূহক লৈ দুয়োজন মুখ্য মন্ত্ৰীয়ে আলোচনাত মিলিত হয়৷ বিগত জুলাই মাহত অসমৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ মুখ্য মন্ত্ৰীগৰাকীৰ উপস্থিতিত গঠন হোৱা নামচাই ঘোষণা পত্ৰত দুয়োখন ৰাজ্যৰ বিবাদমান ১২২ খন গাঁৱৰ ৩৭ খনৰ বিবাদ নিস্পত্তি কৰা হয়।
সম্প্ৰতি মুখ্য মন্ত্ৰীয়ে কয় যে দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে৷ দুয়োখন ৰাজ্যই এই সন্দৰ্ভত অচিৰেই সকলোৰে গ্ৰহণযোগ্য এখন চুক্তি কৰিবলৈ সক্ষম হ’ব৷
অসম চৰকাৰে গঠন কৰি দিয়া আঞ্চলিক সমিতিসমূহে সীমান্তৰ বিবদমান স্থানসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ মতামত গ্ৰহণ কৰাৰ পাছত যোৱা এক নৱেম্বৰত ইটানগৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছিল৷
লগতে পঢ়ক – ধূলা হত্যাকাণ্ড: আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ আত্মসমৰ্পণ