গুৱাহাটী – অৰুণাচলৰ সৈতে দীৰ্ঘদিন ধৰি চলি অহা অসমৰ সীমা সমস্যা শীঘ্ৰেই সমাধানৰ দিশে। অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতে এই সমস্যা সমাধান হোৱাৰ দিশলৈ আগবাঢ়িছে৷ উল্লেখ্য যে সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যই গঠন কৰি দিয়া আঞ্চলিক কমিটীয়ে আগষ্ট মাহৰ ভিতৰত বিবদমান বুলি চিহ্নিত গাঁওবোৰ যৌথভাৱে পৰিদৰ্শন কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত অসম-অৰুণাচলে বিষয়টো মীমাংসাৰ দিশলৈ লৈ যাব৷
বিগত ১৫ জুলাইত অসম অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ উপস্থিতিত হোৱা আলোচনাৰ অন্তত প্ৰস্তুত হোৱা ‘নামচাই ঘোষণা পত্ৰ’ত দুয়োখন ৰাজ্যৰ বিবদমান ১২২খন গাঁৱৰ ভিতৰত ৩৭খন গাঁৱৰ বিবাদ নিষ্পত্তি কৰা হয়৷
বাকী থকা ৮৬খন গাঁও অহা ৩১ আগষ্টৰ ভিতৰত দুয়ো ৰাজ্যৰ আঞ্চলিক কমিটীয়ে যৌথ পৰিদৰ্শন কৰি প্ৰস্তুত কৰা প্ৰতিবেদন পৃথকে পৃথকে মুখ্যমন্ত্ৰী দুজনৰ হাতত অৰ্পণ কৰিব৷ অসমৰ সীমা সমস্যা নিষ্পত্তিৰ বাবে সীমা কমিটীৰ অধ্যক্ষ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অলপতে গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰী বৰাই বিবদমান গাঁওসমূহ এই মাহৰ ভিতৰতে পৰিদৰ্শন কৰাৰ কথা ঘোষণা কৰে৷
তেওঁ কয় যে যৌথ পৰিদৰ্শন কালত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীয়ে সীমান্তবাসীৰ মতামত গ্ৰহণ কৰিব৷ তেওঁ কয় যে অসমৰ পৰা নতুন ৰাজ্য সৃষ্টি হোৱাৰ পাছৰ পৰাই সীমাক লৈ সমস্যাৰ সৃষ্টি হৈ আহিছিল৷ মেঘালয়ৰ ক্ষেত্ৰত হোৱা মীমাংসাই বহুত আগুৱাই গ’ল আৰু মিজোৰামৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়িছে৷
মন্ত্ৰী বৰাই কয় যে সীমামূৰীয়া ৰাজ্যসমূহৰ ভিতৰত অসম-অৰুণাচল সীমান্তৰ দৈৰ্ঘ্যই সৰ্বাধিক ৮০০.৪১ কিঃমিঃ৷ নামচাই ঘোষণা-পত্ৰ ঐতিহাসিক সিদ্ধান্ত বুলি পৰিগণিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল হোৱাটো বিচাৰিছে৷ মন্ত্ৰী বৰাই কয় যে সীমা কমিটীত থকা মন্ত্ৰীসকলৰ লগতে আঞ্চলিক কমিটীত থকা বিধায়ক আৰু সংশ্লিষ্ট বিষয়াসকলে বিবদমান গাঁওসমূহ পৰিদৰ্শন কৰিব৷

অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ অসমৰ যৌথ কমিটীয়ে পৰিদৰ্শন কৰাৰ আগেয়ে আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, অশোক সিংহাল, বিমল বৰা আৰু সঞ্জয় কিষাণৰ লগতে কেইবাজনো বিধায়কে অংশগ্ৰহণ কৰে৷ বৈঠকৰ পাছতে অনুষ্ঠিত কৰা সংবাদমেলত মন্ত্ৰী অতুল বৰাৰ লগত মন্ত্ৰী বিমল বৰা আৰু সঞ্জয় কিষাণো উপস্থিত আছিল৷