নিউজ ডেস্কঃ মঙলবাৰে ইটানগৰত অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ অৰুণাচলৰ সীমামূৰীয়া অঞ্চলৰ মন্ত্ৰী-বিধায়ক, উচ্চ পদস্থ বিষয়াৰ লগতে পাহাৰীয়া অঞ্চলৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাত মিলিত হয়।
আলোচনাত মিলিত হৈ বুধবাৰে মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ ধেমাজী জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সীমান্তৱৰ্তী ইষ্ট চিয়াং, নামনি চিয়াঙৰ বিবাদমান সীমা সমস্যা সমাধানৰ শেষ পৰ্যায়ত উপনীত হৈছো।
লগতে মন্ত্ৰী গৰাকীয়ে অৱগত কৰে যে অসম-অৰুণাচলৰ বিবাদমান অঞ্চলৰ ৫৭ খন গাঁৱৰ ৫৪ খনেই সীমা সমস্যাৰ শেষ পৰ্যায়ত উপস্থিত হৈছে। লগতে বিবাদমান অঞ্চলৰ গাৰো লোকসকলে অৰুণাচলৰ লগত আৰু মিচিং, বড়ো, কোঁচ-ৰাজবংশী বা অসমৰ খিলঞ্জীয়া লোকসকলে অসমৰ লগত চামিল হ’ব বিচাৰে। বাকী থকা তিনিখন গাঁও এতিয়াও শেষ পৰ্যায়লৈকে আহিব বিচৰা নাই। ২০ জানুৱাৰীত পুনৰ গুৱাহাটীত একে বিষয় লৈ দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আলোচনাত মিলিত হ’ব।