সোণাৰি : নাগালেণ্ডৰ মন জিলাত সেনাবাহিনীৰ হাতত ১৪ গৰাকীকৈ সাধাৰণ নাগৰিকে প্ৰাণ হেৰোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে অসম জাতীয় পৰিষদে। উক্ত ঘটনাৰ তদন্তৰ দাবীত দলটোৱে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

মঙলবাৰে, অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মাণিক গগৈ আৰু সাধাৰণ সম্পাদক বিপুল ফুকন স্বাক্ষৰিত স্মাৰকপত্ৰৰ জৰিয়তে সমগ্র ঘটনাৰ উচিত নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে।

আনহাতে সামৰিক বাহিনী বিশেষ সশস্ত্ৰ আইনখন নগালেণ্ডৰ লগতে সমগ্র উত্তৰ পূবৰ পৰাই বাতিল কৰিবলৈ দাবী জনায় এই আইনৰ জৰিয়তে বহু নিৰীহ লোক সেনাবাহিনীৰ হাতত অপদস্থ হোৱাৰ লগতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্মাৰকপত্ৰ খনৰ জৰিয়তে।

অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে চুবুৰীয়া ৰাজ্যখনত ৪ ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডত নিহতসকলৰ পৰিয়াললৈ এক কোটি টকা সাহাৰ্য প্ৰদানৰো দাবী উত্থাপন কৰে।

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া আব্দুল ৱাছেট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply